![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/45/Assamese_traditional_Thali_%25E0%25A6%25A5%25E0%25A6%25B2%25E0%25A7%2581%25E0%25A7%25B1%25E0%25A6%25BE_%25E0%25A6%2585%25E0%25A6%25B8%25E0%25A6%25AE%25E0%25A7%2580%25E0%25A6%25AF%25E0%25A6%25BC%25E0%25A6%25BE_%25E0%25A6%2596%25E0%25A6%25BE%25E0%25A6%25A6%25E0%25A7%258D%25E0%25A6%25AF.jpg/640px-Assamese_traditional_Thali_%25E0%25A6%25A5%25E0%25A6%25B2%25E0%25A7%2581%25E0%25A7%25B1%25E0%25A6%25BE_%25E0%25A6%2585%25E0%25A6%25B8%25E0%25A6%25AE%25E0%25A7%2580%25E0%25A6%25AF%25E0%25A6%25BC%25E0%25A6%25BE_%25E0%25A6%2596%25E0%25A6%25BE%25E0%25A6%25A6%25E0%25A7%258D%25E0%25A6%25AF.jpg&w=640&q=50)
পিটিকা
From Wikipedia, the free encyclopedia
পিটিকা হৈছে সিজাই বা পুৰি কোমল কৰা পাচলি, ফল, মাছ, মাংস আদিক হাতেৰে মোহাৰি মিহি কৰি প্ৰস্তুত কৰা খাদ্য।[1] এইদৰে খাবলৈ নিৰ্বাচন কৰা প্ৰধান সামগ্ৰীবিধৰ সৈতে মিঠাতেল, পিয়াঁজ, জলকীয়া, নিমখ, ধনিয়া আদি মচলাজাতীয় সামগ্ৰী মিহলাই পিটিকা তৈয়াৰ কৰা হয়। এই খাদ্যবিধ তৈয়াৰ কৰিবলৈ সময় আৰু প্ৰয়োজনীয় সামগ্ৰী তাকৰ হোৱাৰ লগতে ইয়াৰ থলুৱা স্বাদৰ হেতু ভাৰতৰ লগতে ইয়াৰ ওচৰচুবুৰীয়া দেশ সমূহত এইবিধ খাদ্যৰ জনপ্ৰিয়তা অধিক। বিভিন্ন পিটিকা সমূহৰ ভিতৰত আলু পিটিকাৰ ব্যৱহাৰ বেছি আৰু অধিক জনপ্ৰিয়।