From Wikipedia, the free encyclopedia
পিটনি (ইংৰাজী: Swamp) বনাঞ্চলে আৱৰা জলাশয়।[1] পিটনিবোৰক “ট্ৰেনজিট জ’ন’’ হিচাপে গণ্য কৰা হয়, কাৰণ ইয়াৰ মাটি আৰু পানী দুয়োটাই পৰিৱেশ সৃষ্টিত ভূমিকা পালন কৰে।[2] পিটনিৰ আকাৰ ভিন্ন আৰু ই সমগ্ৰ বিশ্বতে উপলভ্য। পিটনি বা জলাশয়ৰ পানী শুদ্ধ পানী, লৱণযুক্ত পানী বা সাগৰীয় পানী হ’ব পাৰে। বৃহৎ নদী বা হ্ৰদৰ কাষত মিঠা পানীৰ পিটনি গঠন হয়, য'ত প্ৰাকৃতিক পানীৰ স্তৰৰ উঠা-নমা বজাই ৰাখিবলৈ বৰষুণৰ পানী আৰু ঋতুভিত্তিক বান পানীৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল।[2][3] গ্ৰীষ্মমণ্ডলীয় আৰু উপ-গ্ৰীষ্মমণ্ডলীয় উপকূলৰ কাষত নিমখীয়া পানীৰ জলাশয় পোৱা যায়।[4] কিছুমান পিটনিত জলজ উদ্ভিদ বা সময়ে সময়ে প্লাৱন[5] বা মাটিৰ পৰিপূৰ্ণতা সহ্য কৰিব পৰা গছ-গছনিৰে আবৃত টিলা বা শুকান ভূমিৰ উত্থান থাকে। জলাশয়ৰ প্ৰধান প্ৰকাৰ দুটা হ'ল “প্ৰকৃত’’ বা পিটনিৰ অৰণ্য আৰু "সংক্ৰমণকালীন" বা জোপোহা জলাশয়। কানাডাৰ ব'ৰিয়েল অঞ্চলত "Swamp" শব্দটো কথিতভাৱে ব্যৱহাৰ কৰা হয়, যিটোক অধিক পৰিষ্কাৰকৈ দলনি, জলাহ বা জলাশয় বুলি কোৱা হয়। বিশ্বৰ কিছুমান বৃহৎ জলাশয় আমাজন, মিচিচিপি আৰু কংগো আদি প্ৰধান নদীৰ কাষত পোৱা যায়।[6]
বিল আৰু পিটনি উভয়েইনিৰ্দিষ্ট ধৰণৰ জলাশয়, যিবোৰ জলীয় জৈৱবৈচিত্ৰ্যৰে সমৃদ্ধ আৰু জলীয় মাটিৰে গঠিত হয়।[7] বিল এনে এক জলাশয়, যি ওচৰেৰে বৈ যোৱা পানীৰ দ্বাৰা অহৰহ বা সঘনাই হোৱা বানৰ পানী পায়, য'ত প্ৰধানকৈ কোমল কাণ্ডৰ গছ-গছনি আৰু ঘাঁহজাতীয় উদ্ভিদৰ উত্থান হয়। পিটনি হৈছে সংপৃক্ত মাটি বা থিয় পানীৰে গঠিত জলাশয় আৰু ইয়াত পানীত হোৱা কাঠৰ গছ-গছনি, যেনে তৃণজাতীয়, জোপোহা আৰু গছ থাকে।[8][4]
পিটনিৰ বৈশিষ্ট্য হৈছে ইয়াৰ সংপৃক্ত মাটি আৰু লাহে লাহে গতি কৰা পানী।[8] পিটনিত জমা হোৱা পানী বৰষুণ, ভূগৰ্ভস্থ পানী, জোৱাৰ-ভাটা আৰু/বা মিঠা পানীৰ প্লাৱনকে ধৰি বিভিন্ন উৎসৰ পৰা আহিব পাৰে।[4] পানীৰ এই অহা-যোৱা পথসমূহ সকলোৱে শক্তি আৰু পুষ্টিকৰ পদাৰ্থসমূহ পৰিৱেশ তন্ত্ৰৰ ভিতৰলৈ আৰু বাহিৰলৈ কেনেকৈ প্ৰবাহিত কৰাত অৰিহণা যোগায়। পিটনিৰ মাজেৰে পানী বৈ যোৱাৰ লগে লগে পুষ্টিকৰ পদাৰ্থ, পলস আৰু প্ৰদূষক পদাৰ্থবোৰ প্ৰাকৃতিকভাৱে ফিল্টাৰ কৰি উলিয়াই দিয়া হয়। জলপথত শেষ হোৱা ফছফৰাছ আৰু নাইট্ৰজেনৰ দৰে ৰাসায়নিক পদাৰ্থবোৰ পিটনিৰ ভিতৰৰ জলজ উদ্ভিদবোৰে শোষণ কৰি ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰে। যিকোনো বাকী থকা বা অতিৰিক্ত ৰাসায়নিক পদাৰ্থ জলাশয়ৰ তলত জমা হৈ পানীৰ পৰা আঁতৰাই পলসৰ ভিতৰত পুতি পেলোৱা হয়।[2] পিটনিৰ জৈৱ-ভূ-ৰাসায়নিক পৰিৱেশ ইয়াৰ জলবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল, ই অক্সিজেন, পুষ্টিকৰ পদাৰ্থ, পানীৰ পি এইচ আৰু বিষক্ৰিয়াৰ দৰে সম্পদৰ মাত্ৰা আৰু উপলব্ধতাক প্ৰভাৱিত কৰে, যিয়ে সমগ্ৰ পৰিৱেশ তন্ত্ৰটোক প্ৰভাৱিত কৰি ৰাখে।[4]
পিটনি আৰু অন্যান্য জলাশয়সমূহে পৰম্পৰাগতভাৱে পথাৰ, তৃণভূমি বা বনাঞ্চলৰ তুলনাত কম মূল্যৰ সম্পদ ধৰি ৰাখে। চিকাৰ, ফান্দ বা মাছ ধৰাৰ বাহিৰেও মানুহৰ কামত সহজে ব্যৱহাৰ কৰিব নোৱাৰা অনুৎপাদনশীল ভূমি বুলি এইবোৰ ঠাই জনাজাত। উদাহৰণস্বৰূপে, কৃষকসকলে ঐতিহাসিকভাৱে আৰু কম পৰিমাণে বৰ্তমানেও সাধাৰণতে পথাৰৰ কাষৰ জলাশয়বোৰৰ পানী নিষ্কাশন কৰিছিল, যাতে শস্য ৰোপণৰ বাবে অধিক ব্যৱহাৰযোগ্য মাটি লাভ কৰে৷ আনহাতে, পিটনিয়ে প্ৰাকৃতিক পৰিৱেশৰ সামগ্ৰিক কাৰ্য্যকলাপত উপকাৰী পৰিৱেশগত ভূমিকাহে পালন কৰিব পাৰে (আৰু কৰে) আৰু বহুতো প্ৰজাতিৰ বাবে নিৰ্ভৰযোগ্য বিভিন্ন সম্পদ প্ৰদান কৰে। পিটনি আৰু অন্যান্য জলাশয় বান ব্যৱস্থাপনা আৰু বান-পানীৰ পৰা প্ৰতিৰক্ষাৰ এক স্বাভাৱিক ৰূপ বুলি প্ৰমাণিত হৈছে। এনে পৰিস্থিতিত য'ত বান হয়, পিটনিবোৰে জলাশয়ৰ ভিতৰৰ অতিৰিক্ত পানী শোষণ কৰি ব্যৱহাৰ কৰে, যাৰ ফলত ই পানী বাগৰি যোৱাত আৰু চাৰিওফালৰ অঞ্চলত বান হোৱাত বাধা দিয়ে।[2] পিটনিৰ ভিতৰৰ ঘন গছ-গছনিয়েও মাটিৰ স্থিৰতা প্ৰদান কৰে, মাটি আৰু পলস ঠাইতে ধৰি ৰাখে আৰু লগতে খহনীয়া আৰু ভূমিৰ ক্ষতি ৰোধ কৰে। পিটনিবোৰ সকলো জীৱৰ বাবে মিঠা পানী আৰু অক্সিজেনৰ প্ৰচুৰ আৰু মূল্যৱান উৎস, আৰু ই প্ৰায়ে বিভিন্ন প্ৰজাতিৰ প্ৰজনন স্থান। বানপানীৰ পৰা পানী পোৱা পিটনি মাছৰ উৎপাদন আৰু বিতৰণৰ এক গুৰুত্বপূৰ্ণ সম্পদ।[10] বিশ্বৰ দুই তৃতীয়াংশ মাছ আৰু শামূকৰ উৎপাদন বাণিজ্যিকভাৱে পিটনিৰ ওপৰত নিৰ্ভৰশীল।[2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.