পিংক কলাৰ ৱৰ্কাৰ
যত্নমুখী কেৰিয়াৰ ক্ষেত্ৰত কাম কৰা ব্যক্তি / From Wikipedia, the free encyclopedia
পিংক কলাৰ ৱৰ্কাৰ, যাক অসমীয়াত গোলাপী চোলাৰ কৰ্মী বুলি ক’ব পাৰি, তেওঁলোক হ’ল, যুগ যুগৰে পৰা কেৱল মহিলাৰ কাম বুলি গণ্য কৰা কাম কৰা ব্যক্তি। যত্নমুখী কেৰিয়াৰ ক্ষেত্ৰখনত বা ঐতিহাসিকভাৱে মহিলাৰ কাম বুলি গণ্য কৰা ক্ষেত্ৰত কাম কৰা ব্যক্তি। ইয়াৰ ভিতৰত সৌন্দৰ্য্য উদ্যোগ, নাৰ্চিং, সামাজিক কাম, শিক্ষকতা, সচিবালয়ৰ কাম, আয়াৰ কাম বা শিশুৰ যত্ন লোৱাৰ চাকৰি আদি হ’ব পাৰে।[1] এই চাকৰিবোৰ পুৰুষেও পূৰণ কৰিব পাৰে যদিও প্ৰাচীন কালৰে পৰা এইবোৰ মহিলা প্ৰধান (এই প্ৰৱণতা আজিও চলি আছে, যদিও কিছু কম পৰিমাণে) আৰু বগা কলাৰ(উচ্চ শিক্ষিত আৰু ক’ৰ্প’ৰেট খণ্ডৰ কাম)ৰ বা নীলা কলাৰ(শ্ৰমিক বা মেনুৱেল ৱৰ্কাৰ)[2]ৰ চাকৰিবোৰতকৈ এওঁলোকে যথেষ্ট কম দৰমহা পাব পাৰে।[3]
মহিলাৰ কামবোৰ — বিশেষকৈ কৰ্মক্ষেত্ৰৰ ভিতৰৰ বিশেষ ক্ষেত্ৰসমূহত মহিলাসকলক প্ৰতিনিধিত্ব কৰাৰ ফলত — দ্বিতীয় বিশ্বযুদ্ধৰ সমান্তৰালভাৱে ১৯৪০ চনত বৃদ্ধি পাবলৈ আৰম্ভ কৰে।[4] পুৰুষসকল যুদ্ধলৈ যোৱাৰ লগে লগে বহু মহিলাই পূৰ্বতে মূলতঃ পুৰুষৰ হাতত থকা কামবোৰ কৰিব লগা হৈছিল। উদাহৰণস্বৰূপে, সামৰিক ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত সামগ্ৰীৰ লগতে দৈনন্দিন জীৱনত ব্যৱহৃত নিয়মীয়া সামগ্ৰীৰ তাৎক্ষণিক গণ উৎপাদনৰ প্ৰয়োজনীয়তাৰ বাবে মহিলাসকল কাৰখানাৰ শ্ৰমিক হৈ পৰিছিল।