পানীৰ পুতলা নাচ
ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা / From Wikipedia, the free encyclopedia
পানীৰ পুতলা নাচ (ইংৰাজী: Water Puppetry) হৈছে ভিয়েটনামৰ এক পৰম্পৰা যি একাদশ শতিকাত উত্তৰ ভিয়েটনামৰ ৰেড ৰিভাৰ ডেল্টা অঞ্চলৰ গাঁওবোৰত উৎপত্তি হৈছিল। আজিৰ ভিয়েটনামী পানীৰ পুতলা প্ৰাচীন এছিয়াৰ পুতলা নাচ পৰম্পৰাৰ এক অনন্য তাৰতম্য। পুতলাবোৰ কাঠৰ পৰা তৈয়াৰ কৰা হয় আৰু তাৰ ওপৰত লেকাৰেৰে প্ৰলেপ দিয়া হয়। পুতলা নাচ আৰু প্ৰদৰ্শনীবোৰ কঁকাললৈকে গভীৰ পানীৰ পুখুৰীত প্ৰদৰ্শন কৰা হয়। ডাঙৰ বাঁহৰ দণ্ডেৰে পুতলাবোৰ পানীৰ তলৰ পৰা ধৰি ৰখা হয়। পৰ্দাৰ আঁৰত লুকাই থকা পুতলা শিল্পীসকলে পুতলাবোৰক নিয়ন্ত্ৰণ কৰে। প্ৰদৰ্শনৰ সময়ত পুতলাবোৰ পানীৰ ওপৰেৰে চলাচল কৰা যেন লাগে। [1] যেতিয়া ধাননি পথাৰবোৰ বানপানী হয়, তেতিয়া গাঁৱৰ মানুহে এনে ধৰণৰ পুতলা নাচেৰে ইজনে সিজনক মনোৰঞ্জন দিয়ে। নাটকসমূহ সাধাৰণতে গ্ৰাম্য অঞ্চলৰ দৈনন্দিন জীৱনৰ দৃশ্যবোৰ দেখুওৱা হয়, লগতে পৌৰাণিক কাহিনীৰ চমৎকাৰ প্ৰাণীবোৰ, কৃষক, নগৰবাসী আদিও দেখুওৱা হয়। উত্তৰ ভিয়েটনামৰ। মূলতঃ এই পানীৰ পুতলাৰ নাটকবোৰত কৃষি জীৱনৰ ধৰ্মীয় মূল্যবোধ গভীৰভাৱে নিহিত হৈ থাকে। কিন্তু আধুনিক যোগত যিহেতু পৰ্যটকসকলৰ মাজত পানীৰ পুতলাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, আজিকালি পশ্চিমীয়া পৰ্যটক দৰ্শকসকলক আকৰ্ষণ কৰাৰ বাবে এই প্ৰদৰ্শনবোৰৰ সমল আৰু বিন্যাস দুয়োটা ক্ষেত্ৰতে মুখ্য উপাদানবোৰ সলনি হৈছে। [2]