পানী
এক প্ৰকাৰৰ তৰল পৰিবৰ্তনশীল পদাৰ্থ / From Wikipedia, the free encyclopedia
পানী বা জল (ৰাসায়নিক গঠন: H2O) হৈছে এক প্ৰকাৰৰ স্বচ্ছ জুলীয়া পদাৰ্থ। অক্সিজেনৰ এটা আৰু হাইড্ৰ’জেনৰ দুটা পৰমাণু লগ লাগি পানীৰ অণু গঠন হয়। মান্য উষ্ণতা আৰু চাপত পানী জুলীয়া অৱস্থাত থাকে যদিও ইয়াক কঠিন অৱস্থা অৰ্থাৎ বৰফ আৰু গেছীয় অৰ্থাৎ বাষ্প অৱস্থাতো পোৱা যায়। হিম, কুঁৱলী, নিয়ৰ আৰু ডাৱৰো পানীৰেই ভিন্ন ৰূপ।
পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭১% পানীয়ে আগুৰি আছে।[1] এতিয়ালৈকে আৱিষ্কৃত সকলোধৰণৰ জীৱৰ জীৱন ধাৰণৰ বাবে পানী অপৰিহাৰ্য। পৃথিৱীৰ ৯৬.৫% পানী সাগৰ আৰু মহাসাগৰসমূহত, ১.৭% ভূমিৰ অভ্যন্তৰত, ১.৭% এণ্টাৰ্কটিকা আৰু গ্ৰীণলেণ্ডৰ হিমখণ্ডত আৰু ০.০০১% বাষ্প অথবা ডাৱৰৰ ৰূপত পোৱা যায়।[2][3] পৃথিৱীৰ পানীভাগৰ ২.৫%-হে সতেজ পানী আৰু বাকী ৯৮.৮% বৰফ আকাৰে (ডাৱৰত থকা বৰফ বাদ দি) আৰু ভূমিৰ অভ্যন্তৰত জমা হৈ আছে। সতেজ পানীভাগৰ ০.৩%-তকৈয়ো কম অংশ নদী, হ্ৰদ আৰু আমাৰ চাৰিওফালৰ পৰিৱেশত নিহিত হৈ থাকে। তাতোকৈয়ো কম একাংশ পানী (০.০০৩%) জীৱদেহ আৰু অন্যান্য সামগ্ৰীত নিহিত হৈ থাকে।[2]
পৃথিৱীৰ পানীভাগৰ জলচক্ৰৰ যোগেদি অহৰহ ৰূপান্তৰ ঘটি থাকে। সাগৰ-মহাসাগৰ, নদী-হ্ৰদৰ পানী সূৰ্যৰ তাপত শুকাই জলীয় বাষ্পৰ ৰূপত আকাশলৈ উৰি যায়। এই বাষ্পই ঘনীভূত হৈ ডাৱৰৰ ৰূপ লয় আৰু বৰষুণ হিচাপে পুনৰ ভূমিপৃষ্ঠলৈ নামি আহে। পানীয়ে কোনো কেল’ৰি বা পুষ্টিৰ যোগান নধৰিলেও সকলো জীৱকে বিশুদ্ধ বা সুৰক্ষিত খোৱাপানীৰ প্ৰয়োজন। এতিয়াও বিশ্বৰ প্ৰায় ১০০ কোটি মানুহৰ বাবে বিশুদ্ধ খোৱাপানী উপলব্ধ নহয়।[4] বিশুদ্ধ খোৱাপানীৰ উপলব্ধতাৰ সৈতে মুঠ জনমূৰি আয়ৰ এক পোনপটীয়া সম্পৰ্ক আছে।[5] কিছুসংখ্যক পৰ্যবেক্ষকৰ মতে ২০২৫ চনলৈ বিশ্বৰ জনসংখ্যাৰ প্ৰায় আধা সংখ্যকে জল সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’ব।[6] ২০০৯ চনৰ এক প্ৰতিবেদন মতে, ২০৩০ চনলৈ একাংশ উন্নয়নশীল অঞ্চলত পানীৰ চাহিদা ইয়াৰ যোগানতকৈ ৫০% বৃদ্ধি পাব।[7] উদ্যোগসমূহত শীতলীকৰণৰ বাবে আৰু দ্ৰৱণ হিচাপে পানীৰ ব্যৱহাৰ হয়। সতেজ পানীৰ প্ৰায় ৭০% কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়।[8]