পানামা খাল
From Wikipedia, the free encyclopedia
পানামা খাল (ইংৰাজী: Panama Canal, স্পেনীছ: Canal de Panamá) হৈছে পানামাত অৱস্থিত ৭৭.১ কি:মি: দৈৰ্ঘ্যৰ এটা খাল যি আটলান্টিক মহাসাগৰৰ সৈতে প্ৰশান্ত মহাসাগৰক স্ংযোগ কৰিছে। এই খালটি খন্দাৰ কামটো ১৮৮১ চনতে ফ্ৰাঞ্চে আৰম্ভ কৰিছিল যদিও প্ৰযুক্তিগত অসুবিধাৰ কাৰণত সফল নহ’ল। পিছত আমেৰিকাই ১৯০৪ চনত এই খালটি খন্দাৰ কাম হাতত লয় আৰু ১৯১৪ চনত এই খাল খন্দাৰ কাম সম্পূৰ্ণ হয়। এই খাল খন্দাৰ ফলত প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ মাজত চলাচল কৰা জাহাজবোৰৰ দূৰত্ব বহুখিনি হ্ৰাস পালে।এই খাল সম্পূৰ্ণ হোৱাৰ আগতে দক্ষিণ আমেৰিকা মহাদেশৰ দক্ষিণৰ কেপ্ হৰ্ণ পথেদি যাত্ৰা কৰিব লগা হোৱাৰ বাবে জাহাজবোৰৰ যথেষ্ট সময়, পৰিশ্ৰম আৰু ধনৰ অপচয় হৈছিল। বৰ্তমান এই খালেদি আটলান্টিক মহাসাগৰৰ পৰা প্ৰশান্ত মহাসাগৰ পাবলৈ গঢ়ে ২০ ঘণ্টাৰ পৰা ৩০ ঘণ্টা সময়হে লাগে। বিশ্ব অৰ্থনীতি সূদৃঢ় কৰাৰ লগতে বিভিন্ন দেশৰ পাৰস্পৰিক সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত এই খালৰ যথেষ্ট অৱদান আছে। নিৰ্মাণকাৰ্য্য চলি থকাৰ সময়ৰ পৰা এই খালটি প্ৰ্থমে কলম্বিয়া, তাৰ পাচত ফ্ৰাঞ্চ আৰু তাৰ পাচত আমেৰিকাই নিয়ন্ত্ৰন কৰিছিল। অৱশেষত ১৯৭৭ চনত আমেৰিকা আৰু পানামা চৰকাৰৰ মাজত হোৱা এক চুক্তি অনুযায়ী ১৯৯৯ চনত এই খালৰ সম্পূৰ্ণ নিয়ন্ত্ৰন পানামা চৰকাৰে লাভ কৰে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |