![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d2/Pythagorean.svg/langas-640px-Pythagorean.svg.png&w=640&q=50)
পাইথাগোৰাছৰ উপপাদ্য
From Wikipedia, the free encyclopedia
পাইথাগোৰীয় উপপাদ্য (ইংৰাজী: Pythagorean theorem) বা পাইথাগোৰাছৰ উপপাদ্য (ইংৰাজী: Pythagoras' theorem) হ'ল এটি তত্ব, জ্যামিতিৰ এই তত্ত্বটো পাইথাগোৰাছে প্ৰথম প্ৰমাণ কৰিছিল। ইয়াৰ প্ৰথম প্ৰয়োগ বেবিলোনিয়া আৰু ভাৰতত হৈছিল। পাইথাগোৰীয় তত্ত্ব মতে এটি ত্ৰিভুজত য'দি কোনো এটি কোণৰ জোখ ৯০ ডিগ্ৰী হয়, অৰ্থাৎ সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহু দৈৰ্ঘ্যৰ বৰ্গফল আন দুটি বাহু দৈৰ্ঘ্যৰ বৰ্গৰ যোগফলৰ সমান। অৰ্থাৎ, যদি তেনে এটি ত্ৰিভুজৰ বাহু 'ক', 'খ' আৰু 'গ' হয়, আৰু 'গ' আটাইতকৈ দীঘল, তেনেহ'লে 'ক'ৰ বৰ্গফল + 'খ'ৰ বৰ্গফল = 'গ'ৰ বৰ্গফল।[1] সেই উপপাদ্যটো 'পাইথাগোৰীয় উপপাদ্য' নামেৰে ইউক্লিডৰ জ্যামিতিৰ কিতাপত সংকলিত হৈছিল। এই উপপাদ্যটোত কোৱা হৈছে যে সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ তাৰ অন্য দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। প্ৰাচীন ভাৰতীয় গণিতজ্ঞসকলেও স্বতন্ত্ৰ ভাৱে এই উপপাদ্যটোৰ সত্যতা প্ৰমাণিত কৰিছিল। জ্যামিতিক প্ৰাচীন ভাৰতত 'শুলব-সূত্ৰ' নামেৰে জনা গৈছিল আৰু সি বেদাংগৰ 'কল্প-সূত্ৰ'ৰ অংগ আছিল। শুলব্কাৰসকলে পইথাগোৰাছৰ উপপাদ্যটোক নিজাকৈ আৱিস্কাৰ কৰিছিল।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d2/Pythagorean.svg/320px-Pythagorean.svg.png)
ভূমিৰ সৈতে যুক্ত দুটা বৰ্গৰ কালিৰ যোগফল (a আৰু b) অতিভূজত থকা বৰ্গৰ কালিৰ সমান (c)