![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/76/PadminiKolhapure.jpg/640px-PadminiKolhapure.jpg&w=640&q=50)
পদ্মিনী কোহলাপুৰী
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
পদ্মিনী কোহলাপুৰী (ইংৰাজী: Padmini Kolhapure; ১ নবেম্বৰ ১৯৬৫) মূলতঃ হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ ১৯৭২ চনত সাত বছৰ বয়সত শিশুশিল্পী ৰূপে জিদ্দী (১৯৭৬) আৰু ড্ৰীমগাৰ্ল্ (১৯৭৭) ছবিৰে অভিনয় জগতত প্ৰবেশ কৰে। ইয়াৰ পিছত সত্যম শিৱম সুন্দৰমত (১৯৭৮) তেওঁ মূল নাৰী চৰিত্ৰ ৰূপাৰ কিশোৰী কালৰ চৰিত্ৰত অভিনয় কৰে। পোন্ধৰ বছৰ বয়সত কোহলাপুৰীয়ে প্ৰতিশোধমূলক কাহিনীৰ ছবি ইনচাফ কা তৰাজুৰ (১৯৮০) বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ আৰু পোন্ধৰ বছৰ বয়সত ট্ৰেজিক ৰোমাঞ্চ প্ৰেম ৰোগৰ (১৯৮২) বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা পায়। তেওঁ আছিল এই দুটা শিতানত বঁটা পোৱা দ্বিতীয় কম বয়সীয়া অভিনেত্ৰী। তেওঁ সৌতন (১৯৮৩) ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ আৰু প্যায় ঝুকতা নেহীৰ (১৯৮৫) বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ মনোনয়নো লাভ কৰিছিল।[1][2]
পদ্মিনী কোহলাপুৰী | |
---|---|
![]() ২০১৭ চনত কোহলাপুৰী | |
জন্ম | ১ নৱেম্বৰ, ১৯৬৫ (৫৮ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ |
পেচা | অভিনেত্ৰী, কণ্ঠশিল্পী |
দাম্পত্যসঙ্গী | প্ৰদীপ শৰ্মা (১৯৮৬) |
সন্তান | ১ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা |