পট্টডাকাল স্মাৰকসমূহ
From Wikipedia, the free encyclopedia
পট্টডাকাল স্মাৰকসমূহ (ইংৰাজী: Group of Monuments at Pattadakal) ১৯৮৭ চনত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়[1] [2][3][4][5][6]। ইয়াত নটা গুৰুত্বপূৰ্ণ হিন্দু মন্দিৰ আৰু এটা জৈন মঠ বিদ্যমান। ইয়াৰ মাজত বিৰুপক্ষ মন্দিৰটো ৭৪০ খ্ৰীষ্টাব্দত ৰাণী লোকমহাদেবীয়ে স্বামীৰ দক্ষিণ ভাৰত বিজয় উপলক্ষে নিৰ্মাণ কৰিছিল। ই এটি অনবদ্য স্থাপত্য নিদৰ্শন। এই মন্দিৰৰ উপৰিও ইয়াত আইহোল, বাদামি, পট্টডাকাল আৰু ষষ্ঠ শতাব্দীৰ চালুক্য ৰাজবংশৰ নিৰ্মিত একাধিক মন্দিৰ বিদ্যমান। সপ্তম শতাব্দীত পল্লবসকলে বাদামী অধিকাৰ কৰি কিছুকালৰ বাবে ইয়াত চালুক্য ৰাজ্যৰ ৰাজধানী পাতিছিল। এই মন্দিৰসমূহ হ'ল উত্তৰ আৰু দক্ষিণ ভাৰতীয় স্থাপত্যৰীতিৰ এক অনবদ্য মিশ্ৰণ। পট্টডাকাল এটি হিন্দু তীৰ্থস্থল। ইয়াত আঠটি শিৱ মন্দিৰ আৰু এটি শৈব মঠ বিদ্যমান। প্ৰাংগনৰ মাজত পাপনাথ মন্দিৰ আৰু এটি জৈন মন্দিৰ অবস্থিত[7]।
পট্টডাকাল স্মাৰকসমূহ | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
বীৰুপক্ষ মন্দিৰ, দ্ৰাভিদীয় সজ্জা | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | iii, iv |
উদ্ধৃতি | ২৩৯ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এছিয়া-পেছিফিক |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৭ (একাদশ অধিবেশন) |