পঞ্জাব, ভাৰত
ভাৰতৰ এখন ৰাজ্য। / From Wikipedia, the free encyclopedia
পঞ্জাব হৈছে ভাৰতৰ উত্তৰে অৱস্থিত এখন ৰাজ্য। ৰাজ্যখনৰ পূবে হিমাচল প্ৰদেশ, দক্ষিণ আৰু দক্ষিণ পূবত হাৰিয়ানা, দক্ষিণ পশ্চিমত ৰাজস্থান আৰু পশ্চিম দিশত পাকিস্তান আছে।
পঞ্জাব ਪੰਜਾਬ |
|||
---|---|---|---|
— ভাৰতৰ ৰাজ্য — | |||
Punjab Montage India.PNGওপৰৰ পৰা সোঁফালৈ: অমৃতসৰৰ স্বৰ্ণমন্দিৰ, কুইলা মুবাৰক, গান্ধী ভৱন, ৱাঘা সীমান্ত, জালিয়ানৱালা বাগ স্মৃতিসৌধ | |||
|
|||
অন্য নাম: পাঁচখন নৈৰ দেশ (ফাৰ্চি: পাঞ্জ=পাঁচ; আব=পানী) |
|||
ভাৰতৰ মেপত পঞ্জাবৰ অৱস্থান | |||
পঞ্জাবৰ মেপ | |||
ভৌগোলিক স্থানাংক (চণ্ডীগড়): 30.79°N 76.78°E / 30.79; 76.78 | |||
ৰাষ্ট্ৰ | ভাৰত | ||
প্ৰতিষ্ঠা | ০১-১১-১৯৬৬ | ||
ৰাজধানী | চণ্ডীগড়† | ||
জিলাসমূহ | ২২ | ||
চৰকাৰ | |||
- ৰাজ্যপাল | ভি. পি. সিং[1] | ||
- মুখ্য মন্ত্ৰী | অমৰিন্দ্ৰৰ সিং (কংগ্ৰেছ) | ||
- বিধান সভা | Unicameral (১১৭ আসন) | ||
- লোকসভা | ১৩ | ||
- উচ্চ ন্যায়ালয় | পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় | ||
মাটিকালি | |||
- মুঠ | ৫০,৩৬২ কি.মি.২ (১৯,৪৪৪.৯ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ১৯তম | ||
জনসংখ্যা (২০১১)[2] | |||
- মুঠ | ২,৭৭,০৪,২৩৬ জন | ||
- জনঘনত্ব | ৫৫০.১ প্ৰতি বৰ্গ কি.মি. (১,৪২৪.৮ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+০৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-PB | ||
এইস.ডি.আই. | ০.৬৭৯ (মধ্যম) | ||
স্থান | নৱম (২০০৫) | ||
সাক্ষৰতা | ৭৬.৬৮% | ||
চৰকাৰী ভাষা | পঞ্জাবী | ||
ৱেবছাইট | Punjab Govt | ||
^† হাৰিয়ানাৰ সৈতে সংযুক্ত ৰাজধানী সাঁচ:Infobox region symbols |
ৰাজ্যখনৰ ৰাজধানী চণ্ডীগড়ত অৱস্থিত। চণ্ডীগড় হৈছে এক কেন্দ্ৰীয় শাসিত অঞ্চল তথা পঞ্জাবৰ চুবুৰীয়া ৰাজ্য হাৰিয়ানাৰো ৰাজধানী। পঞ্জাবৰ ৰাজ্যপালৰ গীষ্মকালীন আৱাস ছিমলাত আছে। ১৯৪৭ চনত ভাৰত দ্বিখণ্ডিত হোৱাৰ সময়ত, পঞ্জাবো দুভাগ হৈ এভাগ ভাৰতত আৰু আনভাগ পাকিস্তানত পৰে। ১৯৬৬ চনত ভাৰতৰ পঞ্জাব অঞ্চলটো পুনৰ হাৰিয়ানা আৰু হিমাচল প্ৰদেশ নামৰ দুখন নতুন ৰাজ্যৰ সৃষ্টিৰে পঞ্জাব ৰাজ্যৰ পৰা বিভক্ত কৰা হয়।
পঞ্জাব হৈছে ভাৰতৰ একমাত্ৰ সংখ্যাগৰিষ্ঠ শিখ লোক থকা ৰাজ্য। পঞ্জাব শব্দটো ফাৰ্ছী "পঞ্জ, অৰ্থ পাঁচ আৰু আব, অৰ্থ পানী অৰ্থাৎ পঞ্চ নদীৰ দেশ" শব্দ দুটাৰ পৰা সৃষ্টি হৈছে। গ্ৰীকসকলে পঞ্জাবক পেণ্টাপ’টেমিয়া, পাঁচখন নদীৰ ব-দ্বীপ, বুলি কৈছিল।
পঞ্জাব প্ৰধানতঃ এখন কৃষি প্ৰধান ৰাজ্য। ইয়াৰ অন্যান্য প্ৰধান উদ্যোগবোৰ হৈছে বৈজ্ঞানিক উপকৰণ, কৃষি সজূলি, বৈদ্যুতিক সামগ্ৰী, যন্ত্ৰ-পাতি আদি নিৰ্মাণ, বস্ত্ৰ উদ্যোগ, ক্ৰীড়া সামগ্ৰী উৎপাদন, বিত্তীয় সেৱা, ছিলাই মেচিন, দুচকীয়া বাহন, সাজ-পোচাক, সাৰ আদিৰ উৎপাদন, পৰ্যটন আৰু পাইন তেল আৰু চেনি উৎপাদন। ইয়াৰোপৰি পঞ্জাবত ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক তীখা পকোৱা কল-কাৰখানা আছে। এই কাৰখানাসমূহ ফাটেহগড় ছাহিব জিলাৰ মাণ্ডি গোবিন্দগড়ৰ "ষ্টিল টাউন"ত আছে।