ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি From Wikipedia, the free encyclopedia
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১১ বৰ্ষৰ এই বঁটা লাভ কৰা ব্যক্তিসকল হ'ল:
# | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
---|---|---|---|---|---|
১ | পদাৰ্থ বিজ্ঞান | ছল পাৰ্লম্যুটাৰ (Saul Perlmutter) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | এই বৰ্ষৰ বঁটাৰ অৰ্ধভাগ ছল পাৰ্লম্যুটাৰ-ক দিয়া হয়, বাকী অংশ ব্ৰায়ান পি. স্মিড্ট আৰু আডাম জি. ৰিছ-ৰ মাজত ভাগ কৰি দিয়া হয়। "দূৰৱৰ্তী ছুপাৰনোভাৰ পৰ্যবেক্ষণেৰে ব্ৰহ্মাণ্ডৰ ত্বৰিত প্ৰসাৰণ আৱিষ্কাৰ"ৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ("for the discovery of the accelerating expansion of the Universe through observations of distant supernovae").[1] | |
ব্ৰায়ান পি. স্মিড্ট (Brian P. Schmidt) |
আমেৰিকা যুক্তৰাষ্ট্ৰ অষ্ট্ৰেলিয়া | ||||
আডাম জি. ৰিছ (Adam G. Riess) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
২ | ৰসায়ন বিজ্ঞান | ডেন স্বেখ্টমেন (Dan Shechtman) |
ইজৰাইল | "অৰ্দ্ধস্ফটিকৰ আৱিষ্কাৰৰ বাবে" ("for the discovery of quasicrystals".)[2] | |
৩ | ফিজিঅ'লজী বা মেডিচিন | ব্ৰুচ ই. বিউট্লাৰ (Bruce A. Beutler) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | এই বৰ্ষৰ বঁটা দুভাগ কৰি এভাগ ব্ৰুচ বিউট্লাৰ আৰু জুল হফ্মেনলৈ দিয়া হয় তেওঁলোকৰ "জন্মগত প্ৰতিৰোধী ব্যৱস্থাৰ সক্ৰিয়কৰণ সম্পৰ্কীয় আৱিষ্কাৰ সমূহৰ বাবে" ("for their discoveries concerning the activation of innate immunity")। বঁটাৰ বাকী অংশ ৰাল্ফ ষ্টেইনমেনলৈ আগবঢ়োৱা হয়, "তেখেতে আৱিষ্কাৰ কৰা ডেনড্ৰাইটিক কোষ আৰু অভিযোজ্য প্ৰতিৰোধী ব্যৱস্থাত ইয়াৰ ভূমিকা সম্বন্ধীয় গৱেষণাৰ বাবে" ("for his discovery of the dendritic cell and its role in adaptive immunity".)[3] | |
জুল এ. হফ্মেন (Jules A. Hoffmann) |
ফ্ৰান্স | ||||
ৰাল্ফ এম. ষ্টেইনমেন (Ralph M. Steinman) |
কানাডা | ||||
৪ | সাহিত্য | টমাছ ট্ৰান্সট্ৰ'মাৰ (Tomas Tranströmer) |
ছুইডেন | "কাৰণ তেখেতৰ পাৰদৰ্শী আৰু সংহত চিত্ৰকল্পই আমাৰ বাবে বাস্তৱৰ এক ন-দুৱাৰ মেলি দিয়ে" ("because, through his condensed, translucent images, he gives us fresh access to reality".)[4] | |
৫ | শান্তিৰ ন'বেল বঁটা | ইলিন জনছন ছাৰ্লিফ (Ellen Johnson Sirleaf) |
লাইবেৰিয়া | "নাৰীৰ নিৰাপত্তা আৰু অধিকাৰৰ বাবে অহিংস সংগ্ৰাম চলাই যোৱাৰ পৰা শান্তি প্ৰতিষ্ঠাৰ কাৰ্যত কৰা পূৰ্ণ অংশগ্ৰহনৰ বাবে" ("for their non-violent struggle for the safety of women and for women’s rights to full participation in peace-building work".)[5] | |
লিমা বয়ি (Leymah Gbowee) |
লাইবেৰিয়া | ||||
টৱাক্ক'ল কেৰমেন (Tawakkol Karman) |
য়েমেন তুৰস্ক | ||||
৬ | অৰ্থনীতি | টমাছ জে. ছাৰ্জেণ্ট (Thomas J. Sargent) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "বৃহৎ অৰ্থনীতিৰ কাৰক আৰু ফলাফল সম্বন্ধীয় প্ৰায়োগিক গৱেষণাৰ বাবে" ("for their empirical research on cause and effect in the macroeconomy")[6] | |
ক্ৰিষ্ট'ফাৰ এ. ছিম্ছ (Christopher A. Sims) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.