সমসাময়িক ভাৰতীয় বৌদ্ধ ধৰ্মৰ শাখা From Wikipedia, the free encyclopedia
নৱযান হ'ল ভীমৰাও ৰামজী আম্বেদকাৰৰ দ্বাৰা বৌদ্ধ ধৰ্মৰ এক নতুন ব্যাখ্যা।[টোকা 1] ইয়াক নব্য-বৌদ্ধ ধৰ্ম,[1][2] আম্বেদকাৰীয় বৌদ্ধ ধৰ্ম আৰু ভীমযান নামেৰেও জনা যায়।[3] আম্বেদকাৰৰ জন্ম এগৰাকী দলিত হিচাপে হৈছিল ঔপনিৱেশিক ভাৰতত।
আম্বেদকাৰে বিদেশত শিক্ষালাভ কৰিছিল আৰু পাছলৈ এগৰাকী মহাৰ দলিত নেতা হৈছিল। ১৯৩৫ চনত তেওঁ হিন্দু ধৰ্ম ত্যাগি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।[4] তৎপশ্চাত তেওঁ বৌদ্ধ লেখ পঢ়িবলৈ আৰম্ভ কৰিছিল আৰু এই নিষ্কৰ্ষত উপনিত হৈছিল যে ধৰ্মটোৰ কেইবাটাও মূল বিশ্বাস আৰু যুক্তি, যেনে চাৰি আৰ্য সত্য আৰু "অনত্তা" ভুল আৰু নিৰাশাবাদী। তেওঁ এই ধাৰণাসমূহৰ এক নতুন ব্যাখ্যা আগবঢ়ালে, যাৰ নাম হ'ল নৱযান।[5] ১৯৫৬ চনৰ ১৩ অক্টোবৰত তেওঁ হিন্দু ধৰ্মৰ লগতে থেৰবাদ আৰু মহাযান বৌদ্ধ ধৰ্মক প্ৰত্যাখ্যান কৰি এক সংবাদ মেল আয়োজন কৰিলে।[6] মৃত্যুৰ প্ৰায় ৬ সপ্তাহ পূৰ্বে, তেওঁ হিন্দু ধৰ্ম ত্যাগ কৰি নৱযান বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে।[7][8][9]
দলিত বৌদ্ধ আন্দোলনত নৱযানক বৌদ্ধ ধৰ্মৰ এক নতুন ভাগ গণ্য কৰা হয়, যি বৌদ্ধ ধৰ্মৰ মৌলিক পৰম্পৰা[10][টোকা 2] থেৰবাদ, মহাযান আৰু বজ্ৰযান বৌদ্ধ ধৰ্মতকৈ পৃথক।[12] নৱযানত বৌদ্ধ দৰ্শনৰ এক অতিকৈ নতুন ব্যাখ্যা দাঙি ধৰা হয়, য'ত বুদ্ধৰ বাণীক শ্ৰেণী সংগ্ৰাম আৰু সামাজিক সমতাৰ বিষয়ে বুলি মনা হয়।[13][14][15]
আম্বেদকাৰৰ নৱযান বৌদ্ধ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ধাৰ্মিক গ্ৰন্থ হ'ল তেওঁ লিখা দ্য বুদ্ধ এণ্ড হিজ ধম্ম। নৱযান বৌদ্ধ ধৰ্মৰ বিশ্বাসীক সাধাৰণতে কেৱল "বৌদ্ধ", "আম্বেদকাৰীয় বৌদ্ধ", "নব্য-বৌদ্ধ", আৰু খুব কমহে "নৱযান বৌদ্ধ" বোলা হয়।[16]
নৱযান শব্দৰ এক আম্বেদকাৰৰ সৈতে সম্বন্ধ নথকা ব্যৱহাৰো আছে। ভাৰতৰ বাহিৰত ই বৌদ্ধ ধৰ্মৰ পাশ্চাত্য ৰূপকো বুজাব পাৰে। পিচে এই ব্যৱহাৰ খুব কমহে দেখা যায়।[17]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.