উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় (ইংৰাজী: North Lakhimpur University) পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) উত্তৰ লখিমপুৰৰ খেলমাটিত অৱস্থিত এখন বিশ্ববিদ্যালয়। পূৰ্বৰ মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল যি পাছলৈ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।[1] ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উচ্চশিক্ষা প্ৰদানত এই বিশ্ববিদ্যালয়ৰ যথেষ্ঠ বৰঙণি আছে।

ক্ষিপ্ৰ তথ্য উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, মূলমন্ত্ৰ ...
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়
পূৰ্বৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত)
Thumb
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতীক
মূলমন্ত্ৰ आऩो भद्रा: क्रतवो यन्तु बिश्वत:
স্থাপিত ১৯৫২ (মহাবিদ্যালয়)
২০২৩ (বিশ্ববিদ্যালয়)
অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া
স্থান উত্তৰ লখিমপুৰ, অসম, ভাৰত
উপনাম এন এল
ৱেবছাইট http://www.nlc.ac.in/
বন্ধ কৰক
Thumb
উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ চিত্ৰ

ইতিহাস

উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত)

বিশ্ববিদ্যালয়খন উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰবৃহত্তৰ অঞ্চলৰ সকলোতকৈ পুৰণি আৰু অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান। অসমৰ এক অন্যতম পিছপৰা আৰু ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত উত্তৰ লখিমপুৰত ১৯৫২ চনৰ ৩ জুলাই তাৰিখে উত্তৰ লখিমপুৰ মহাবিদ্যালয় হিচাপে স্থাপিত হৈছিল। এই অঞ্চলৰ কেইবাজনো সমাজকৰ্মীৰ প্ৰচেষ্টাৰ ফলত উত্তৰ লখিমপুৰ মহাবিদ্যালয় গঢ় লৈ উঠিছিল। এই মহাবিদ্যালয় পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ আছিল। ২০১৩ চনৰ ৩০ মে'ত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখনীয় যে, এই মহাবিদ্যালয়েই বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত অসমৰ প্ৰথমখন মহাবিদ্যালয়।[2][3]

Thumb
নৰ্থ লখিমপুৰ কলেজৰ আলোকচিত্ৰ

মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council)ৰ মূল্যাংকনত ৩.০৮ মানেৰে "এ" শ্ৰেণীৰ মহাবিদ্যালয় ৰূপে স্বীকৃত।[4][5]

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়

পৰবৰ্তী সময়ত উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিল ২০২৩ অনুসৰি পূৰ্বৰ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।[6]

দৰ্শন

বিশ্ববিদ্যালয়খনৰ মূল মন্ত্ৰ আৰু উদ্দেশ্য হৈছে আধুনিক শিক্ষা আৰু জ্ঞানৰ আলোকেৰে মানৱ সম্পদৰ বিকাশ সাধন। শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক পৃথিৱীত আগবাঢ়ি যাব পৰাকৈ সময়োপযোগী উচ্চ মানসম্পন্ন শিক্ষা প্ৰদানৰ সমান্তৰাল ভাৱে সমাজ জীৱনৰ সকলো স্তৰতে শিক্ষাৰ্থীসকলক সামাজিক কৰ্তব্য আৰু দায়িত্ববোধ সম্পন্ন মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলোৱা হয়। ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি বিশ্ববিদ্যালয়খনি দায়বদ্ধ। বহু সীমাবদ্ধতাৰ মাজতো সেয়ে বিশ্ববিদ্যালয়খনি শিক্ষাৰ্থী আৰু শিক্ষকৰ সমন্বয়েৰে সম্ভৱপৰ সকলো উপাদানেৰে বিকাশৰ আৰু উন্নত ভৱিষ্যতৰ মূলনীতিৰে পৰিচালিত হৈ আহিছে।

Thumb
বিহংগম দৃষ্টিত নৰ্থ লখিমপুৰ কলেজৰ প্ৰশাসনিক ভৱন

শৈক্ষিক

পাঠ্যক্ৰমসমূহ

বিশ্ববিদ্যালয় খনে কলা আৰু বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় খনত আন কিছুমান বৃত্তিমুখী পাঠ্যক্ৰমৰো ব্যৱস্থা আছে, বৰ্তমান বিশ্ববিদ্যালয়খনত তলত দিয়া পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
  • স্নাতক (কলা আৰু বিজ্ঞান)
  • স্নাতকোত্তৰ ( অসমীয়া, ৰাজনীতি বিজ্ঞান, অনুবিদুৎ বিভাগ, ৰাসায়নিক বিজ্ঞান )
  • কম্পিউটাৰ বিজ্ঞানৰ স্নাতক (বি.চি.এ.)
  • পি জি ডিপ্লমা পাঠ্যক্ৰম
    • উদ্ভিদ কলা-কৰ্ষণ(ইংৰাজী:Plant tissue-culture)ৰ স্নাতকোত্তৰ ডিপ্লমা
    • দূৰ্যোগ ব্যৱস্থাপনা(ইংৰাজী:Disaster Management)ৰ স্নাতকোত্তৰ ডিপ্লমা
  • ইউ জি ডিপ্লমা পাঠ্যক্ৰম
  • চাৰ্টিফিকেট পাঠ্যক্ৰম
    • মানৱ অধিকাৰ পাঠ্যক্ৰমৰ ডিপ্লমা
    • ইলেকট্ৰনিকচ সামগ্ৰীৰ মেৰামতিৰ ডিপ্লমা
    • হাৰবেল প্লেনটেচনৰ ডিপ্লমা
    • কম্পিউটাৰত অসমীয়া ভাষাৰ প্ৰয়োগ সম্পৰ্কীয় ছমহীয়া পাঠ্যক্ৰম
  • ফাউণ্ডেশ্যন পাঠ্যক্ৰম
  • ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম[7]

এইসমূহৰ উপৰিও বিশ্ববিদ্যালয়খনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি আগবঢ়োৱা বিভিন্ন পাঠ্যক্ৰমৰো শিক্ষা গ্ৰহণ কৰাৰ সুবিধা আছে।

শৈক্ষিক বিভাগসমূহ

বিশ্ববিদ্যালয়ৰ সুবিধাসমূহ

  • গ্ৰন্থাগাৰ
  • নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থালয়
  • প্ৰকাশন
  • কেৰিয়াৰ কাউন্সেলিং
  • প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ
  • ছাত্ৰাবাস
    • নৱ ছাত্ৰাবাস
    • সৌৰভ কুমাৰ চলিহা ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
    • ইন্দিৰামিৰি ছাত্ৰীনিৱাস
    • মামণি ৰয়ছম গোস্বামী ছাত্ৰীনিবাস
  • শৰীৰ চৰ্চা কেন্দ্ৰ
  • খেলপথাৰ
  • অসমীয়া, ইংৰাজী, হিন্দী ভাষাত ডিটিপি শিকাৰ পাঠ্যক্ৰম
Thumb
নৰ্থ লখিমপুৰ কলেজৰ আলোকচিত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.