নৰসংহাৰ
From Wikipedia, the free encyclopedia
নৰসংহাৰ বা গণহত্যা (ইংৰাজী: Genocide) হৈছে জাতীয়, বৰ্ণগত, ধৰ্মীয় বা নৃগোষ্ঠীয় গোট হিচাপে বিবেচিত লোকক সম্পূৰ্ণ বা আংশিকভাৱে ধ্বংস কৰাৰ ইচ্ছাকৃত কাৰ্য। 'নৰ'ৰ অৰ্থ মানুহ আৰু 'সংহাৰ'ৰ অৰ্থ মৰা। অৰ্থাৎ নৰসংহাৰ হ'ল মানুহ মৰা। ইংৰাজী প্ৰতিশব্দ জেন'ছাইডৰ উৎসও একেই। ই গ্ৰীক জেন'ছ, অৰ্থাৎ মানুহ বা বৰ্ণৰপৰা আৰু ছাইড অৰ্থাৎ মৰাৰপৰা আহিছে। সেয়ে জেন'ছাইডৰ বা নৰসংহাৰৰ অৰ্থ "জাতীয়, নৃগোষ্ঠীয়, বৰ্ণগত বা ধৰ্মীয় গোটক সম্পূৰ্ণৰূপে বা আংশিকভাৱে ধ্বংস কৰাৰ উদ্দেশ্যেৰে কৰা কাৰ্য"।[1][2][3]
বৰ্তমানলৈ কেইবাটাও নৰসংহাৰৰ ঘটনা দেখা গৈছে। ইহুদী সকলৰ হত্যাৰ সময়তে জেন'ছাইড শব্দ প্ৰথম ব্যৱহৃত হৈছিল। পাছলৈ গ্ৰীক গণহত্যা, আৰ্মেণীয় গণহত্যা, এছিৰিয়ান গণহত্যা, ইউক্ৰেইণীয় গণহত্যা, বাংলাদেশ গণহত্যা, কম্বোদীয় হণহত্যা, গুৱাটামালান গণহত্যা, কুৰ্ডীয় গণহত্যা, বস্নীয় গণহত্যা, ৰোৱণ্ডন গণহত্যা আদি বিভিন্ন ঘটনা পোহৰলৈ আহিছে।