![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/3a/Netneutrality_modern_template_pure_svg.svg/langas-640px-Netneutrality_modern_template_pure_svg.svg.png&w=640&q=50)
নেট নিৰপেক্ষতা
বৈষম্যবিহীন ভাৱে ইণ্টাৰনেটত উপলব্ধতা / From Wikipedia, the free encyclopedia
নেট নিৰপেক্ষতা হৈছে এক নীতি যাৰ জ্বৰিয়তে ইণ্টাৰনেট যোগান ধৰোতা আৰু চৰকাৰ দুয়োৱে বৈষম্যবিহীন ভাৱে ইণ্টাৰনেটত উপলব্ধ যিকোনো তথ্য ব্যৱহাৰৰ বাবে আগবঢ়াই । এই ক্ষেত্ৰত বৈষম্য বুলিলে কোনো বিশেষ ৱেবছাইত ব্যৱহাৰৰ বাবে গ্ৰাহকৰ পৰা অধিক মূল্য লোৱা বা ৱেব পৃষ্ঠা ডাউনল'ড কৰোঁতে ডাউনল'ড গতিত ইচ্ছাকৃতভাৱে তাৰতাম্য ঘটোৱা ইত্যাদি কথা আহি পৰে ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/3/3a/Netneutrality_modern_template_pure_svg.svg/640px-Netneutrality_modern_template_pure_svg.svg.png)
২০০৩ চনত কলোম্বিয়া বিশ্ববিদ্যালয়ৰ মিডিয়া আইন বিষয়ৰ অধ্যাপক " টিম ৱু "এ 'নেট নিৰপেক্ষতা' শব্দটো প্ৰথমবাৰৰ বাবে উপয়োগ কৰে ।[1][2]