পাকিস্তানী গায়িকা আৰু অভিনেত্ৰী From Wikipedia, the free encyclopedia
নুৰ জাহান (ইংৰাজী: Noor Jehan; জন্ম নাম: আল্লাহ ৱাচাই; ২১ চেপ্তেম্বৰ ১৯২৬–২৩ ডিচেম্বৰ ২০০০)[1][2] এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছিল ব্ৰিটিছ ভাৰতত। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত তেওঁ পাকিস্তানলৈ গুছি গৈছিল। সুদীৰ্ঘ ছয় দশকৰ কৰ্মজীৱন (১৯৩০-৯০) অতিক্ৰম কৰা নুৰ জাহানক এগৰাকী অন্যতম মহান আৰু দক্ষিণ এছিয়াৰ প্ৰভাৱশালী সঙ্গীত শিল্পী বুলি গণ্য কৰা হয়। পাকিস্তানত তেওঁক সন্মানীয় 'মালিকা-ই-তৰন্নুম' (সুৰৰ ৰাণী) উপাধি দিয়া হৈছিল। হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীতৰ লগতে সঙ্গীতৰ অন্যান্য শৈলীতো তেওঁৰ দখল আছিল।[2]
নুৰ জাহান | |
---|---|
'জীন্নত' (১৯৪৫) ছবিত নুৰ জাহান | |
জন্ম | ২১ চেপ্তেম্বৰ ১৯২৭ কাচুৰ, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তানত) |
মৃত্যু | ২৩ ডিচেম্বৰ ২০০০ কৰাচী, পাকিস্তান |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
অন্য নাম | মালিকা-ই-তৰন্নুম |
পেচা | অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী |
উল্লেখযোগ্য কৰ্ম | জীন্নত (১৯৪৫), আনমোল ঘড়ী (১৯৪৬), আনাৰকলী (১৯৫৮) |
দাম্পত্যসঙ্গী | চৌকত হুছেইন ৰিজৱী (১৯৪২- বি.১৯৫৩) ইজাজ দুৰানী (১৯৫৯-বি.১৯৭০) |
আহমেদ ৰুচদীৰ সৈতে তেৱেঁ পাকিস্তানী চলচ্চিত্ৰৰ ইতিহাসত আটাইতকৈ বেছি ছবিত গীত গোৱাৰ ৰেকৰ্ডৰ অধিকাৰী। তেওঁৰ কৰ্মজীৱনত চল্লিশখনতকৈও অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল আৰু প্ৰায় বিশ হাজাৰ গীত গাইছিল। তেওঁক পাকিস্তানী চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালক বুলি গণ্য কৰা হয়।[3]
ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ এখন সৰু গাঁও- কোত মুৰাদ খান, কসুৰত (বৰ্তমান পাকিস্তানত) নুৰ জাহানৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল মদদ আলি আৰু মাকৰ নাম ফটেহ বিবি। মাক-দেউতাকে তেওঁৰ আল্লাহ ৱাচাই নাম দিছিল। তেওঁৰ জন্ম তাৰিখটোক লৈ অলপ খেলি-মেলি আছে। কাৰো মতে ১৯২৬ চনৰ আৰু কাৰো মতে ১৯২৯ চনৰ ২১ চেপ্তেম্বৰত তেওঁৰ জন্ম। নুৰ জাহানৰ পাঁচজন ভায়েক আৰু পাঁচজনী ভনীয়েক আছিল। তেওঁ যে এক সুৰীয়া কণ্ঠৰ অধিকাৰী, তাৰ প্ৰকাশ শৈশৱতে দেখা গৈছিল। মাকে নুৰ জাহানৰ গীত আৰু নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল।[4][5][6]
মাত্ৰ সাত বছৰ বয়সতে নুৰ জাহানে বায়েক ঐদন বাঈ আৰু হাইদৰ বান্দীৰ সৈতে 'টাকা থিয়েটাৰ' নামেৰে জনাজাত গ্ৰাম্য থিয়েটাৰ কোম্পানীৰ মঞ্চত গীত পৰিবেশন কৰে। এক উন্নত সুযোগৰ সন্ধানত বায়েকহঁতৰ সৈতে তেওঁ লাহোৰলৈ আহে আৰু 'জিন্দা নাচ-গানা'ৰ দলত অংশ লয়। জিন্দা নাচ-গান দৰাচলতে চিত্ৰগৃহত মূল চলচ্চিত্ৰ আৰম্ভ হোৱাৰ আগেআগে প্ৰদৰ্শিত হোৱা গীত-নাচৰ অনুষ্ঠান। অৱশেষত এখন ডাঙৰ মঞ্চ পোৱাৰ আশাৰে তেওঁলোক তিনি ভনী ১৯৩৪-৩৫ চনমানত কলকাতালৈ গুছি আহে আৰু তাত মঞ্চৰ সঙ্গীত তাৰকা মুখতাৰ বেগমে তেওঁলোকক বহু কেইজন প্ৰযোজকৰ সৈতে চিনাকি কৰাই দিয়ে। পিছৰ জীৱনত নুৰ জাহানে মুখতাৰ বেগমৰ সঙ্গীত পৰিবেশন শৈলী গ্ৰহণ কৰাৰ উপৰিও বেগমৰ দৰে শাৰী পিন্ধিবলৈ লৈছিল।[4]
তিনি ভনীয়ে ইন্দিৰা মোভীটোনত স্থায়ী কাম পায়। তেওঁলোকৰ জনপ্ৰিয়তা ইমানে বৃদ্ধি পাইছিল যে তেওঁলোক 'পঞ্জাব মেইল' নামে পৰিচিত হয়। পৰিচালক কে.ডি. মেহতাই নিৰ্মাণ কৰিবলৈ লোৱা 'পিণ্ড দি কুৰী'ত (১৯৩৫) নুৰ জাহানক অভিনয় কৰাৰ সুযোগ দিয়ে। এনেকৈয়ে বেবী নুৰ জাহান নামেৰে তেওঁৰ অভিনয় জীৱন আৰম্ভ হয়। ইয়াৰ পিছত তেওঁ একে কোম্পানীৰ ছবি 'মিছৰ কী চিতাৰা'ত (১৯৩৬) অভিনয় কৰাৰ উপৰিও দামোদৰ শৰ্মাৰ সঙ্গীত পৰিচালনাত গীতো গায়। পাঁচখন ছবি কৰাৰ পিছত তেওঁ 'হীৰ চায়্যাল'ৰ (১৯৩৭) সুৰ হীৰ চৰিত্ৰত অভিনয় কৰে।[4]
১৯৪৫ চনত বোম্বেত তেওঁৰ প্ৰথম চুপাৰহিট ছবি 'জীন্নত' মুক্তি পায়। ১৯৪৬ চনত অভিনয় কৰে 'অনমোল ঘড়ী'ত। এই ছবিখনত তেওঁ এগৰাকী কবিৰ চৰিত্ৰত সেই যুগৰ দুগৰাকী সঙ্গীত তাৰকা সুৰাইয়া আৰু সুৰেন্দ্ৰ নাথৰ সৈতে অভিনয় কৰিছিল। সেই বছৰতে তেওঁৰ আৰু দুখন ছবিয়ে মুক্তি পাইছিল- 'দিল' আৰু 'হমজোলী'। ব্ৰিটিছ ভাৰতত নুৰ জাহানৰ শেষ ছবি 'মিৰ্জা চাহিবা' (১৯৪৭); য'ত নায়কৰ চৰিত্ৰত আছিল পৃথ্বীৰাজ কাপুৰ।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.