নীনা গুপ্তা
ভাৰতীয় অভিনেত্রী / From Wikipedia, the free encyclopedia
ভাৰতীয় গণিতজ্ঞ গৰাকীৰ বাবে, নীনা গুপ্তা (গণিতজ্ঞ) চাওক।
নীনা গুপ্তা (ইংৰাজী: Neena Gupta; জন্ম: ৪ জুলাই, ১৯৫৯) দিল্লীত জন্মগ্ৰহণকাৰী প্ৰথিতযশা ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী আৰু পৰিচালক-নিৰ্মাতা।[1] 'ৱহ চ'কৰি' চলচ্চিত্ৰত অভিনয় কৰে শ্ৰেষ্ঠ সহ-অভিনেত্ৰী শিতানত ১৯৯৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2] ভাৰতীয় বাণিজ্যধৰ্মী চলচ্চিত্ৰত জনপ্ৰিয়তা পালেও অৰবিন্দন আৰু শ্যাম বেনেগালৰ শিল্পধৰ্মী চলচ্চিত্ৰ নিৰ্মাণতো যথেষ্ট সুখ্যাতি অৰ্জন কৰিছে। 'শ্ৰীমান শ্ৰীমতি' দূৰদৰ্শন ধাৰাবাহিকত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। 'উইকেষ্ট লিঙ্ক', 'কমজোৰ কাদি কৌনৰ', ন্যায় দূৰদৰ্শন কুইজ শ্ব'তো তেওঁ অভিনয় কৰিছিল।[3]
ক্ষিপ্ৰ তথ্য নীনা গুপ্তা, জন্ম ...
নীনা গুপ্তা | |
---|---|
জন্ম | ৪ জুলাই, ১৯৫৯ (৬৫ বছৰ) দিল্লী, ভাৰত |
শিক্ষা | দিল্লী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় |
পেচা | অভিনেত্ৰী, পৰিচালিকা |
সক্ৰিয় হৈ থকা সময় | ১৯৮২–বৰ্তমান |
দাম্পত্যসঙ্গী | বিবেক মেহৰা |
সন্তান | মাচাবা গুপ্তা |
বন্ধ কৰক
আৰ. এন. গুপ্তাৰ সন্তান তাই। ছানাৱাৰৰ লৰেঞ্চ স্কুলত অধ্যয়ন কৰে।[4] সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত একেখন বিষয়ত এম.ফিল কৰে।