নিউৰালিংক
কোম্পানী / From Wikipedia, the free encyclopedia
নিউৰালিংক কৰ্পোৰেছন (ইংৰাজী: Neuralink Corporation) হৈছে এটা স্নায়ু'প্ৰযুক্তিবিদ্যা (neurotechnology) কোম্পানী, যিয়ে মগজুত সংৰোপন কৰিব পৰা মগজু-যন্ত্ৰ আন্তঃপৃষ্ঠ(brain–machine interface) নিৰ্মাণ কৰি আছে৷ ইয়াৰ প্ৰতিষ্ঠাতা হৈছে ইলন মাস্ক্ আৰু অন্যান্যসকল৷ কোম্পানীৰ প্ৰধান কাৰ্যালয়টো আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত পায়'নিয়েৰ বিল্ডিঙত৷ [5] ২০১৬ চনত নিউৰালিংকে পোনপ্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে আৰু ২০১৭ চনৰ মাৰ্চত ৰাজহুৱাভাৱে নিজৰ পৰিচয় দাঙি ধৰে৷ [6][1]
ধৰণ | ব্যক্তিগত |
---|---|
উদ্যোগ |
|
প্ৰতিষ্ঠাতা | ইলন মাস্ক্ আৰু আঠগৰাকী অংশীদাৰ [1][2] |
মুখ্য কাৰ্যালয় | পায়'নিয়েৰ বিল্ডিং, ছান ফ্ৰান্সিছকো, কেলিফৰ্ণিয়া, (আমেৰিকা যুক্তৰাষ্ট্ৰ) (২০২০ চন পৰ্যন্ত)[3] |
নেতৃস্থানীয় ব্যক্তিত্ব | ইলন মাস্ক্ (মুখ্য কাৰ্যবাহী বিষয়া) |
স্বত্বাধিকাৰী | ইলন মাস্ক্ |
কৰ্মচাৰীৰ সংখ্যা | প্ৰায় ১০০[4] |
ৱেবছাইট | neuralink |
প্ৰতিষ্ঠাকালৰে পৰা এই কোম্পানীটোৱে বহুকেইখন বিশ্ববিদ্যালয়ৰ খ্যাতনামা আৰু উচ্চমানসম্পন্ন স্নায়ুবিজ্ঞানীক নিযুক্ত কৰিছে ৷ [7] ২০১৯ চনৰ জুলাই পৰ্যন্ত, এই কোম্পানীয়ে ১৫৮ মিলিয়ন ডলাৰৰ পুঁজি (ইয়াৰে ১০০ মিলিয়ন ডলাৰ মাস্কৰ) লাভ কৰিছে আৰু প্ৰায় নবৈগৰাকী কৰ্মকৰ্তাক নিয়োগ কৰিছে৷ [8] সেইখিনি সময়ত নিউৰালিংকে ঘোষণা কৰিছিল যে, ৪-৬ মাইক্ৰ'মিটাৰ (μm) প্ৰস্থৰ তেনেই পাতল সূতাৰ দৰে আহিলা মগজুত সংৰোপন কৰিব পৰা এবিধ "চিলাই যন্ত্ৰ-সদৃশ"এটা সঁজুলি নিৰ্মাণত তেওঁলোক ব্যস্ত হৈ আছে৷ [9]) তেওঁলোকে ১,৫০০ ডাল ইলেকট্ৰডৰ দ্বাৰা গৱেষণাগাৰৰ নিগনিৰ তথ্য পঢ়িব পৰা এটা বিশেষ প্ৰণালী প্ৰদৰ্শন কৰে৷ ২০২০ চনত তেওঁলোকে মানুহৰ ওপৰতো পৰীক্ষা সম্পন্ন কৰাৰ আশা কৰিছিল যদিও[8] সেই সম্ভাৱনাক ২০২১ চনলৈ পিছুৱাই দিয়া হয়৷[10] ২০২২ চনৰ জানুৱাৰী মাহত নিউৰালিংকে এজন পৰীক্ষণ সঞ্চালক নিয়োগ কৰিছে ৷ তেওঁলোকে অচিৰেই মানুহৰ ওপৰত এই প্ৰযুক্তিৰ সম্পৰীক্ষা চলাব৷ [11]
এমআইটি টেকন'ল'জি ৰিভিউকে ধৰি বহুকেইগৰাকী স্নায়ুবিজ্ঞানী আৰু প্ৰকাশনে এই প্ৰযুক্তিৰ লগত জড়িত হৈ থকা ইলন মাস্কৰ দাবীসমূহক সমালোচনা কৰিছে৷ [12][13]