![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/57/FirstNeutrinoEventAnnotated.jpg/640px-FirstNeutrinoEventAnnotated.jpg&w=640&q=50)
নিউট্ৰিন'
From Wikipedia, the free encyclopedia
নিউট্ৰিন' (ইংৰাজী: Neutrino) হৈছে বৈদ্যুতিক ভাৱে প্ৰশম, দুৰ্বল প্ৰভাৱ (weak interaction) ৰ জৰিয়তে ক্ৰিয়া কৰা, অৰ্ধ-অখণ্ড সাংখ্যিক ঘূৰ্ণন (spin), সোঁ-বাওঁ অপ্ৰতিসমতা (chirality) আৰু অদ্য পৰিমিত অ-নিৰ্ধাৰিত সূক্ষ্ম কিন্তু অশূন্য ভৰ বিশিষ্ট এবিধ উপ-পাৰমাণৱিক কণা[1]। সাধাৰণ পদাৰ্থৰ মাজেৰে নিউট্ৰিন' প্ৰায় কোনোধৰণে প্ৰভাৱিত নোহোৱাকৈ পাৰ হৈ যাব পাৰে। নিউট্ৰিন' (ইটালিয়ান ভাষাত সূক্ষ্ম আধানবিহীন) গ্ৰীক বৰ্ণ 'নিউ' ν (nu) ৰ জৰিয়তে সূচিত কৰা হয়। নিউট্ৰিন'ৰ ভৰ থকা তথ্যটো বিভিন্ন বৈজ্ঞানিক সাক্ষ্যৰ পৰা সাব্যস্ত হৈছে। কিন্তু ইহঁতৰ ভৰ উপ-পাৰমাণৱিক মানতো অত্যন্ত কম। নিউট্ৰিন'ৰ ভৰ এতিয়ালৈকে নিৰ্ভুলভাৱে জুখিব পৰা হোৱা নাই।
![]() ১৯৭০ চনৰ ১৩ নৱেম্বৰত নিউট্ৰিন' সন্ধানৰ বাবে ব্যৱহৃত বাবল চেম্বাৰ। এটা নিউট্ৰিন'ই এটা প্ৰ'টনক খুন্দা মাৰিছে। আলোকচিত্ৰখনত দেখা পোৱা তিনিডাল ৰেখা যিটো বিন্দুৰ পৰা ওলাইছে সেই বিন্দুতেই নিউট্ৰিন' আৰু প্ৰ'টনৰ সংঘৰ্ষ সংঘটিত হৈছিল। | |
গঠন | মৌলিক কণা |
---|---|
পৰিসংখ্যা | ফাৰ্মায়নিক |
প্ৰজন্ম | প্ৰথম, দ্বিতীয় আৰু তৃতীয় |
আন্তঃক্ৰিয়া | দুৰ্বল আন্তঃক্ৰিয়া আৰু মহাকৰ্ষণ |
সংকেত | ν e, ν μ, ν τ, ν e, ν μ, ν τ |
প্ৰতিকণা | প্ৰতিনিউট্ৰিন' বিলাক সম্ভৱতঃ নিউট্ৰিন'ৰ অনুৰূপ। |
Theorized | ν e (ইলেক্ট্ৰন নিউট্ৰিন'): উলফগাঙ্গ পাউলি (১৯৩০) ν μ (মুয়ন নিউট্ৰিন' ): ১৯৪০-ৰ শেষৰফালে ν τ (টাউ নিউট্ৰিন'): ১৯৭০-ৰ মাজভাগত |
আৱিষ্কাৰক | ν e: Clyde Cowan, Frederick Reines (১৯৫৬) ν μ: Leon Lederman, Melvin Schwartz and Jack Steinberger (১৯৬২) ν τ: DONUT collaboration (২০০০) |
প্ৰকাৰ | ৩ – ইলেক্ট্ৰন নিউট্ৰিন', মুয়ন নিউট্ৰিন' আৰু টাউ নিউট্ৰিন' |
ভৰ | সূক্ষ্ম, কিন্ত অ-শূন্য। |
বৈদ্যুতিক আধান | ০ e |
ঘূৰ্ণন | 1/2 |
Weak hypercharge | −১ |
B − L | −১ |
X | −৩ |
নিউট্ৰিন'ই কোনো বৈদ্যুতিক আধান বহন নকৰে, অৰ্থাৎ ইলেক্ট্ৰন, প্ৰট'নৰ দৰে আধানবিশিষ্ট কণাৰ ওপৰত বিদ্যুৎ-চুম্বকীয় বলে ক্ৰিয়া কৰাৰ লেখিয়াকৈ নিউট্ৰিন'ৰ ওপৰত ক্ৰিয়া কৰিব নোৱাৰে। নিউট্ৰিন' বিদ্যুৎ-চুম্বকত্ব অথবা মধ্যাকৰ্ষণতকৈ বহু কম পৰিসৰযুক্ত উপ-পাৰমাণৱিক দুৰ্বল প্ৰভাৱ (weak interaction) ৰ দ্বাৰাহে কেৱল প্ৰভাৱিত হয়। এই দুৰ্বল প্ৰভাৱ উপ-পাৰমাণৱিক পৰিসৰত আপেক্ষিকভাৱে দুৰ্বল, আৰু সেয়েহে ইহঁতে পদাৰ্থৰ মাজেৰে প্ৰভাৱিত নোহোৱাকৈ বহু দূৰ পৰিভ্ৰমণ কৰিব পাৰে।
নিউট্ৰিন' বিশেষ ধৰণৰ তেজস্ক্ৰিয় ক্ষয়ৰ ফলস্বৰূপে অথবা সূৰ্য্যত সংঘটিত, নিউক্লীয় বিক্ৰিয়কত সংঘটিত ধৰণৰ নিউক্লীয় বিক্ৰিয়াৰ ফলস্বৰূপে অথবা মহাজাগতিক ৰশ্মিয়ে পৰমাণুত কৰা আঘাতৰ ফলত উদ্ভৱ হয়। নিউট্ৰিন' তিনি ধৰণ বা তিনি 'flavor'ৰ : ইলেক্ট্ৰণ নিউট্ৰিন', মুয়ন (muon) নিউট্ৰিন' আৰু টাউ (tau) নিউট্ৰিন'। প্ৰতিবিধ কণাৰে আকৌ আনুষঙ্গিক বিপৰীত সোঁ-বাওঁ অপ্ৰতিসমতা বিশিষ্ট প্ৰতিকণা (anti-particle) আছে।
পৃথিৱীৰ মাজেৰে পাৰ হোৱা বেছিভাগ নিউট্ৰিন'ই সূৰ্য্যৰ পৰা বিকিৰিত হয়। সূৰ্য্যৰ উলম্ব দিশত থকা পৃথিৱীৰ প্ৰতি বৰ্গ চেণ্টিমিটাৰ অঞ্চলৰ মাজেৰে প্ৰতি ছেকেণ্ডত প্ৰায় ৬৫ বিলিয়ন (৬.৫×১০০০০০০০০০০) সৌৰ নিউট্ৰিন' পাৰ হৈ যায়।[2]
২০১১ চনৰ ছেপ্টেম্বৰত পোহৰতকৈ আপাততঃ বেছি গতিবেগ সম্পন্ন নিউট্ৰিন' কণাৰ অৱস্থিতি ধৰা পৰিছে (OPERA neutrino anomaly)। তেতিয়াৰে পৰাই এই পৰীক্ষা ব্যাপক অলোচনা-সমালোচনাৰ সম্মুখীন হৈছে আৰু ওপৰোক্ত ফলাফল পুনঃ প্ৰমাণৰ বাবে প্ৰচেষ্টা চলি আছে, কাৰণ এই ফলাফল সত্য প্ৰতিপন্ন হ'লে বিজ্ঞানৰ আপেক্ষিকতাবাদ সূত্ৰৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন অৱশ্যম্ভাৱী হৈ পৰিব। শেহতীয়াকৈ নৱেম্বৰ ২০১১ ত, CERN ৰ পৰীক্ষা পুনঃশোধিত কৰাৰ পিছতো পোহৰতকৈ বেছি গতিবেগ সম্পন্ন নিউট্ৰিন' কণাৰ উপস্থিতি সাব্যস্ত হৈছে। [উদ্ধৃতিৰ প্ৰয়োজন]