ভাৰতীয় অভিনেত্ৰী From Wikipedia, the free encyclopedia
নাৰ্গিছ দত্ত[2] বা চমুকৈ নাৰ্গিছ[3] (পূৰ্বৰ নাম ফাতিমা ৰছিদ; ১ জুন ১৯২৯ – ৩ মে' ১৯৮১),[4] বহুকেইখন ধ্ৰুপদী বলিউড চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। হিন্দী বোলছবিৰ অন্যতম মহান অভিনেত্ৰী হিচাপে পৰিগণিত নাৰ্গিছে পাঁচবছৰ বয়সতে 'তালাছ-এ-হক' (১৯৩৫) চলচ্চিত্ৰত সৰু চৰিত্ৰ এটাৰে অভিনয়ৰ পাতনি মেলিছিল। ১৯৪২ চনত 'তমন্না' চলচ্চিত্ৰৰে তেখেতে অভিনয়ত ভালকৈ ভৰি ৰাখে।
নাৰ্গিছ | |
---|---|
জন্ম | ফাতিমা ৰছিদ ১ জুন, ১৯২৯ কলিকতা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ শাসিত ভাৰত (এতিয়াৰ কলকাতা, পশ্চিম বংগ, ভাৰত) |
মৃত্যু | ৩ মে', ১৯৮১ (৫১ বছৰ) ব'ম্বে, মহাৰাষ্ট্ৰ, ভাৰত |
মৃত্যুৰ কাৰণ | অগ্ন্যাশয়ৰ কৰ্কট ৰোগ |
সমাধিস্থল | বৰাকবৰস্তান, মেৰিন লাইন্ছ, মুম্বাই |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৩৫-৩৬ ১৯৪২-১৯৬৮ |
উল্লেখযোগ্য কৰ্ম | 'বৰছাত' (১৯৪৯) 'আৱাৰা' (১৯৫১) 'শ্ৰী ৪২০' (১৯৫৫) 'মাদাৰ ইণ্ডিয়া' (১৯৫৭) 'ৰাত ঔৰ দিন' (১৯৬৭) |
দাম্পত্যসঙ্গী | সুনীল দত্ত (বি. ১৯৫৮–৮১) (মৃত্যুলৈকে) |
সন্তান | সঞ্জয় দত্ত প্ৰিয়া দত্ত নম্ৰতা দত্ত |
বঁটা, সন্মান, পুৰস্কাৰ আদি | * ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা (১৯৫৮)
|
তিনি দশকজোৰা কৰ্ম জীৱনত নাৰ্গিছে কেইবাখনো বাণিজ্যিকভাৱে সফল আৰু সমালোচকৰ প্ৰশংসিত চলচ্চিত্ৰত অভিনয় কৰিছিল। তেখেত অভিনেতা আনোৱাল হুছেইনৰ ভনীয়েক আছিল। তেখেতৰ সকলোতকৈ বিখ্যাত চৰিত্ৰটো আছিল একাডেমী বঁটাৰ বাবে মনোনীত হোৱা 'মাদাৰ ইণ্ডিয়া' (১৯৫৭) চলচ্চিত্ৰৰ ৰাধাৰ চৰিত্ৰ। ইয়াৰ অববে তেখেতে ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাও লাভ কৰিছিল। ১৯৬০-ৰ দশকত তেখেতৰ ভূমিকা সেৰেঙা হ'বলৈ ধৰে। এই সময়ছোৱাত 'ৰাত ঔৰ দিন' (১৯৬৭) চলচ্চিত্ৰৰ বাবে তেখেতে প্ৰথম বছৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
নাৰ্গিছে তেখেতৰ "মাদাৰ ইণ্ডিয়া"ৰ সহ-অভিনেতাৰ সুনীল দত্তক ১৯৫৮ চনত বিয়া কৰায়। সঞ্জয় দত্তকে ধৰি তেওঁলোকৰ তিনিটা সন্তান। পতিৰ সতে মিলি নাৰ্গিছে অজন্তা কলা-সাংস্কৃতিক দল গঠন কৰে। এই দলে কেইবাগৰাকী আগশাৰীৰ অভিনেতা আৰু গায়কক লৈ ঘাইকৈ সীমান্ত অঞ্চলবোৰত মঞ্চ অনুষ্ঠান পাতিছিল। ১৯৭০ দশকৰ আৰম্ভণিতে নাৰ্গিছ স্পাষ্টিক ছ'ছাইটী অৱ ইণ্ডিয়াৰ মুৰব্বী হৈ পৰে। সামাজিক কাম-কাজত সুনাম অৰ্জন কৰি তেখেত ১৯৮০ চনত ৰাজ্যসভালৈ মনোনীত হয়।
১৯৮১ চনত অগ্ন্যাশয়ৰ কৰ্কট ৰোগত ভুগি নাৰ্গিছৰ মৃত্যু হয়। ইয়াৰ তিনি দিনৰ পাছতে পুত্ৰ সঞ্জয় দত্তই 'ৰকী' চলচ্চিত্ৰৰ যোগেদি অভিনয়ৰ পাতনি মেলিছিল। ১৯৮২ চনত তেখেতৰ স্মৃতিত 'নাৰ্গিছ দত্ত সোঁৱৰণী কেন্সাৰ ফাউণ্ডেচন' প্ৰতিষ্ঠা কৰা হয়। প্ৰতি বছৰে চৰকাৰীভাৱে তেখেতৰ নামেৰে "ৰাষ্ট্ৰীয় সংহতিৰ নাৰ্গিছ দত্ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা" প্ৰদান কৰা হয়।
১৯৯৩ চনত নাৰ্গিছৰ সোঁৱৰণত ভাৰতীয় ডাক সেৱাই এটা এটকীয়া ডাক-টিকট মুকলি কৰে।[8] ২০১৫ চনৰ ১ জুনত ৮৬তম জন্মদিন উপলক্ষে গুগলে এক ডুডল মুকলি কৰিছিল।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাই তেখেতৰ সোঁৱৰণত প্ৰতি বছৰে "ৰাষ্ট্ৰীয় সংহতিৰ নাৰ্গিছ দত্ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা" প্ৰদান কৰে।[9]
২০১৮ চনত মুক্তি লাভ কৰা সঞ্জয় দত্তৰ জীৱনৰ ওপৰত আধাৰিত 'সঞ্জু' চলচ্চিত্ৰত মনীষা কৈৰালাই নাৰ্গিছৰ ভূমিকাত অভিনয় কৰিছিল।[10] ২০১৮ চনৰ আন এখন হিন্দী চলচ্চিত্ৰ 'মাণ্টত ফেৰীনা ৱাজহেৰে তেখেতৰ চৰিত্ৰত অভিনয় কৰিছিল।[11]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.