![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/56/Leffler_-_WomensLib1970_WashingtonDC_%2528cropped%2529.jpg/640px-Leffler_-_WomensLib1970_WashingtonDC_%2528cropped%2529.jpg&w=640&q=50)
নাৰী মুক্তি আন্দোলন
From Wikipedia, the free encyclopedia
নাৰী মুক্তি আন্দোলন (WLM) (ইংৰাজী: Women's liberation movement)নাৰী আৰু নাৰীবাদী বৌদ্ধিকতাবাদৰ ৰাজনৈতিক একত্ৰীকৰণ আছিল, যি ১৯৬০ চনৰ শেষৰ ফালে গঢ় লৈ উঠিছিল আৰু ১৯৮০ চন পৰ্যন্ত পশ্চিমীয়া বিশ্বৰ ঔদ্যোগিক ৰাষ্ট্ৰসমূহত অব্যাহত আছিল। এই আন্দোলনে সমগ্ৰ বিশ্বতে গা কৰি উঠা বৃহৎ পৰিৱৰ্তনক (ৰাজনৈতিক, বৌদ্ধিক, সাংস্কৃতিক) প্ৰভাৱিত কৰিছিল। সমসাময়িক দৰ্শনৰ ওপৰত ভিত্তি কৰি গঠিত উগ্ৰ নাৰীবাদৰ নাৰী মুক্তি আন্দোলনত বৰ্ণবাদ আৰু সাংস্কৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ পটভূমিৰ মহিলাসকলো আছিল৷ তেওঁলোকে প্ৰস্তাৱ দিছিল যে,সমাজত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ অৱস্থান উন্নীতকৰণৰ বাবে অৰ্থনৈতিক, মানসিক আৰু সামাজিক স্বাধীনতা প্ৰয়োজন হৈ পৰিছে।[1]
নাৰী মুক্তি আন্দোলন | |
---|---|
দ্বিতীয় ঢৌৰ নাৰীবাদ-ৰ অংশ | |
তাৰিখ | ১৯৬০ৰ দশক – ১৯৮০ৰ দশক |
স্থান | বিশ্বব্যাপি |
কাৰণ | প্ৰতিষ্ঠানিক লিংগবাদ |
ফল | *নাৰীৰ বাবে সমতা
|
পদ্ধতি | * সজাগতা উত্তৰণ
|
ফলাফল | * নাৰীৰ বিষয় সম্পৰ্কে সজাগতা
|
![The women's liberation movement featured political activities such as a march demanding legal equality for women in the United States (26 August 1970)](http://upload.wikimedia.org/wikipedia/commons/thumb/5/56/Leffler_-_WomensLib1970_WashingtonDC_%28cropped%29.jpg/640px-Leffler_-_WomensLib1970_WashingtonDC_%28cropped%29.jpg)
নাৰীৰ সমতা অৰ্জনৰ দিশত নাৰী মুক্তি আন্দোলনে পিতৃতন্ত্ৰৰ সাংস্কৃতিক, আইনী বৈধতা তথা সমাজত নাৰীৰ আইনী আৰু শাৰীৰিক স্বাধীনতাক নিয়ন্ত্ৰণ আৰু সীমিত কৰিবলৈ ব্যৱহাৰ কৰা সামাজিক আৰু যৌন স্তৰসমূহৰ ব্যৱহাৰিক বৈধতাক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰিছিল।
সাধাৰণতে নাৰী মুক্তি আন্দোলনে ৰাজনৈতিক বাওঁপন্থীৰ পৰা আৰ্থ-সামাজিক পৰিৱৰ্তনৰ প্ৰস্তাৱ দিছিল। নাৰী মুক্তি আন্দোলনে পূৰ্ণতা পোৱা দশকসমূহত মুক্তিবাদীসকলে নিজৰ সংস্কৃতিৰ অন্তৰ্গত নাৰীৰ সামাজিক মান, ভাৱমূৰ্তি আৰু স্থান সফলতাৰে সলনি কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে সমাজত নাৰীৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ভূমিকাক পুনৰ সংজ্ঞায়িত কৰিছিল আৰু মূলসুঁতিৰ সমাজখনক ৰূপান্তৰিত কৰিছিল।[2]