নাথুৰাম গডছে
From Wikipedia, the free encyclopedia
নাথুৰাম বিনায়ক গডছে (ইংৰাজী: Nathuram Vinayak Godse; ১৯ মে', ১৯১০ – ১৫ নৱেম্বৰ, ১৯৪৯) আছিল ব্ৰিটিছ ভাৰতত গঢ়ি উঠা ভাৰতীয় জাতীয়তাবাদৰ প্ৰধান নেতা মহাত্মা গান্ধীৰ হত্যাকাৰী যিয়ে ৩০ জানুৱাৰীত নতুন দিল্লীত নিচেই ওচৰৰ পৰা গান্ধীৰ বুকুত তিনিটা গুলী নিক্ষেপ কৰি তেওঁক হত্যা কৰে। পুনে, মহাৰাষ্ট্ৰৰ এজন হিন্দু জাতীয়তাবাদী কৰ্মী গডছেয়ে মুছলমান সকলৰ প্ৰতি গান্ধীৰ অধিক সহমৰ্মিতা থকা বুলি অসন্তোষ প্ৰকাশ কৰি নাৰায়ণ আপ্তে আৰু ছয়জনৰ লগত লগ হৈ এই হত্যকাণ্ডৰ পৰিকল্পনা কৰে। প্ৰায় এবছৰ ধৰি চলা বিচাৰপ্ৰক্ৰিয়াৰ অন্তত ১৮ নৱেম্বৰ, ১৯৪৯ত গডছেক মৃত্যুদণ্ড দিয়া হয়। যদিও এই মৃত্যুদণ্ডই ওৰেটো জীৱন সকলো ধৰণৰ অহিংসাৰ হকে ওকালতি কৰা গান্ধীক অপমান কৰিব বুলি তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গান্ধীৰ দুই পুত্ৰই গডছেক ক্ষমাদানৰ প্ৰস্তাৱ দিছিল, এই প্ৰস্তাৱ গ্ৰাহ্য নহ'ল আৰু ইয়াৰ এসপ্তাহৰ পিছত গডছেক ফাঁচী দিয়া হয়।
নাথুৰাম গডছে | |
---|---|
মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ বিচাৰপৰ্বত নাথুৰাম গডছে | |
জন্ম | ১৯ মে', ১৯১০ বাৰামতি, পুনে জিলা, বম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান মহাৰাষ্ট্ৰ, ভাৰত) |
মৃত্যু | ১৫ নৱেম্বৰ, ১৯৪৯ (৩৯ বছৰ) আম্বালা কয়দীশাল, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত, ভাৰত অধিৰাজ্য (বৰ্তমান ভাৰতৰ হাৰিয়ানাত) |
মৃত্যুৰ কাৰণ | ফাঁচী দিয়াৰ জৰিয়তে মৃত্যুদণ্ড |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জনা যায় | মোহনদাস কৰমচান্দ গান্ধীৰ হত্যাকাণ্ড |