নাছা
From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰীয় বিমান চালনবিদ্যা আৰু মহাকাশ প্ৰশাসন (নাছা) হৈছে অসামৰিক মহাকাশ কাৰ্য্যসূচী, বিমান চালন আৰু মহাকাশ গৱেষণাৰ বাবে দায়বদ্ধ আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এক স্বতন্ত্ৰ সংস্থা। [4][5]
ৰাষ্ট্ৰীয় বিমান চালনবিদ্যা আৰু মহাকাশ প্ৰশাসন | |
---|---|
চমু নাম | নাছা |
নীতিবাক্য | For the Benefit of All[1] |
প্ৰধান কাৰ্যালয় | ৱাশ্বিংটন, ডি চি |
বাজেট | US$22.629 billion (2020)[2] |
কৰ্মচাৰী | ১৭,৩৭৩ (২০২০)[3] |
ৱেবছাইট | NASA.gov |
নেশ্বনেল এডভাইজৰী কমিটি ফৰ এৰোনটিকছৰ (নাকা) উত্তৰসূৰী হিচাপে ১৯৫৮ চনত নাছাৰ জন্ম হৈছিল। নতুন সংস্থাটোৱে অসামৰিক দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলগীয়া আছিল, আৰু মহাকাশ বিজ্ঞানৰ শান্তিপূৰ্ণ প্ৰয়োগত উদগণি যোগাইছিল। [6][7][8] ইয়াৰ প্ৰতিষ্ঠাকালৰ পাছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিকাংশ মহাকাশ অন্বেষণ কাৰ্য্যসূচী নাছাৰ নেতৃত্বত হৈছে। ইয়াৰ ভিতৰত আছে এপ'লোৰ চন্দ্ৰ অৱতৰণ অভিযান, স্কাইলেব মহাকাশ কেন্দ্ৰ আৰু পৰৱৰ্তী সময়ৰ স্পেছ শ্বাটল। নাছাই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো পৰিচালনাত অংশীদাৰিত্ব পালন কৰি আহিছে; অৰিয়ন মহাকাশযান, মহাকাশ উৎক্ষেপণ ব্যৱস্থা আৰু বাণিজ্যিক মানৱবাহী যানৰ বিকাশ তদাৰক কৰি আহিছে। সংস্থাটোৱে উৎক্ষেপণ সেৱা কাৰ্য্যক্ৰমো পৰিচালনা কৰে, যাৰ দ্বাৰা নাছাৰ মানৱবিহীন উৎক্ষেপণসমূহৰ অন্তিম সময়ৰ কাউণ্টডাউন প্ৰক্ৰিয়া আৰু উৎক্ষেপণ অভিযানসমূহ নিৰীক্ষণ কৰা হয়।
নাছাই মনোনিৱেশ কৰা বিজ্ঞানখণ্ডত আছে - ভূ নিৰীক্ষণ ব্যৱস্থাৰ যোগেদি পৃথিৱীখনক ভালদৰে বুজি উঠা, [9] হেলিঅ'ফিজিক্স ৰিচাৰ্ছ প্ৰগ্ৰেমৰ প্ৰচেষ্টাৰ জৰিয়তে সৌৰকেন্দ্ৰিক পদাৰ্থবিজ্ঞানৰ উন্নয়ন, [10] নিউ হৰাইজনছৰ দৰে অত্যাধুনিক ৰব'টিক মহাকাশযানৰ দ্বাৰা সৌৰজগতত থকা বস্তুসমূহৰ অন্বেষণ, [11] আৰু নিৰীক্ষণকেন্দ্ৰসমূহৰ জৰিয়তে মহানাদ তত্ত্বৰ দৰে জ্যোতিঃপদাৰ্থবৈজ্ঞানিক বিষয়ৰ গৱেষণা। [12]