নাওমি অ'ছাকা
জাপানী টেনিছ খেলুৱৈ / From Wikipedia, the free encyclopedia
নাওমি অ'ছাকা (ইংৰাজী: Naomi Osaka), জন্ম ১৬ অক্টোবৰ, ১৯৯৭) হৈছে এগৰাকী জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷ মহিলা টেনিছ সন্থাৰ দ্বাৰা তালিকাভুক্ত তেখেত হৈছে ডব্লিউ টি এ শীৰ্ষ স্থানত থকা খেলুৱৈ৷ শীৰ্ষস্থান লাভ কৰা জাপানী পুৰুষ আৰু মহিলা খেলুৱৈৰ ভিতৰত অ'ছাকাই প্ৰথম৷[1] নাওমিয়ে গ্ৰেণ্ড শ্লেমৰ একক খিতাপ চাৰিবাৰ জয় কৰিছে আৰু ২০২১ বৰ্ষৰ অষ্ট্ৰেলিয়ান অপেনত আধিপত্য বিস্তাৰ কৰিছে৷ ২০১৮ চনৰ ইউ এছ অপেনৰ মহিলা একক শাখা আৰু ২০১৯ চনৰ অষ্ট্ৰেলিয়ান অপেনৰ মহিলা-একক শাখাত নাওমিয়ে প্ৰথম দুটা গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰে৷ ২০০১ চনত জেনিফাৰ কেপ্ৰিয়াটিৰ পিছতেই ক্ৰমাগতভাৱে দুটা গ্ৰেণ্ড শ্লেম অৰ্জন কৰা নাওমি প্ৰথমগৰাকী খেলুৱৈ৷ ইয়াৰ লগতে ছেৰেনা উইলিয়ামছৰ (২০১৫) পিছত ক্ৰমাগতভাৱে গ্ৰেণ্ড শ্লেম একক খিতাপ জয় কৰা নাওমি প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
ক্ষিপ্ৰ তথ্য দেশ, বাসস্থান ...
২০২০ চনৰ ইউ এছ অপেন টেনিছত অ'ছাকা | |
দেশ | জাপান |
---|---|
বাসস্থান | বেভাৰলি হিলছ,কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
জন্ম | ১৬ অক্টোবৰ, ১৯৯৭ (২৬ বছৰ) চাও-কু, অ'ছাকা, জাপান |
উচ্চতা | ১.৮০ মিটাৰ |
পেচা গ্ৰহণ | ২০১৩, ছেপ্টেম্বৰ |
হস্তশৈলী | সোঁহতীয়া (দুইহতীয়া বেকহেণ্ড) |
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি | ২০,০৭৬,৪৫৬ আমেৰিকান ডলাৰ |
আনুষ্ঠানিক ৱেব ছাইট | naomiosaka.com |
কেৰিয়াৰৰ অভিলেখ | ২৫১–১৩৯ |
কেৰিয়াৰৰ খিতাপ | ৭ |
সৰ্ব্বোচ্চ ৰেংকিং | প্ৰথম (২৮ জানুৱাৰী ২০১৯) |
বৰ্তমানৰ ৰেংকিং | ত্ৰয়োদশ (১ নৱেম্বৰ ২০২১) |
অষ্ট্ৰেলিয়ান অ'পেন | বিজয়ী (২০১৯, ২০২১) |
ফ্ৰেন্স অ'পেন | তৃতীয় ৰাউণ্ড (২০১৬, ২০১৮, ২০১৯) |
উইম্বলডন | তৃতীয় ৰাউণ্ড (২০১৭, ২০১৮) |
ইউ এছ অ’পেন | বিজয়ী (২০১৮, ২০২০) |
আন প্ৰতিযোগিতা | |
ডব্লু’ টি এ টুৰ চেম্পিয়ন | ৰাউণ্ড ৰবীন (২০১৮, ২০১৯) |
অলিম্পিক | তৃতীয় ৰাউণ্ড (২০২০) |
কেৰিয়াৰৰ অভিলেখ | ২–১৪ |
কেৰিয়াৰৰ খিতাপ | ০ |
সৰ্ব্বোচ্চ ৰেংকিং | ৩২৪ (৩ এপ্ৰিল ২০১৭) |
অষ্ট্ৰেলিয়ান অ'পেন | প্ৰথম ৰাউণ্ড (২০১৭) |
ফ্ৰেন্স অ'পেন | দ্বিতীয় ৰাউণ্ড (২০১৬) |
উইম্বলডন | প্ৰথম ৰাউণ্ড (২০১৭) |
ইউ এছ অ’পেন | প্ৰথম ৰাউণ্ড (২০১৬, ২০১৭) |
27 September 2021ত শেষবাৰ আপডেট কৰা হৈছে। |
বন্ধ কৰক