![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/76/India_Naxal_affected_districts_map.svg/langas-640px-India_Naxal_affected_districts_map.svg.png&w=640&q=50)
নক্সাল- মাওবাদী আন্দোলন
From Wikipedia, the free encyclopedia
নক্সাল আন্দোলন, এটি কমিউনিষ্ট আন্দোলনৰ নাম। বিংশ শতাব্দীৰ সপ্তম দশকত পশ্চিমবঙ্গৰ নক্সালবাৰীৰ পৰা আৰম্ভ হয় লাহে লাহে ভাৰতৰ ছত্তীছগঢ় (তদানীন্তন মধ্য প্ৰদেশ) আৰু অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিয়পি পৰে। ক্ৰমে এইটো এটি সন্ত্ৰাসবাদী আন্দোলনৰ ৰূপ লৈছিল।[1] নক্সাল বা নক্সালবাদী বুলিলে উগ্ৰ বামপন্থী দলবোৰক বুজোৱা হয়। এই দলৰ জন্ম হৈছিল চীন-ছোভিয়েত (Sino-Soviet split) ভাঙনৰ সময়ত। মতাদৰ্শগত ভাবে এওঁলোক মাও জেদংৰ পদাঙ্ক অনুসৰণকাৰী। নক্সাল আন্দোলন আৰম্ভ হৈছিল ভাৰতৰ পশ্চিমবঙ্গৰ পৰা। লাহে লাহে ভাৰতৰ অনুন্নত অঞ্চলসমূহত, যেনে: ছত্তীছগঢ়, অন্ধ্ৰপ্ৰদেশ ইত্যাদি ৰাজ্যৰ প্ৰান্তিক এলাকাসমূহত বিয়পি পৰে। এওঁলোক মাৰ্ক্সবাদী তথা লেনিনবাদত বিশ্বাসী এওঁলোক ২০০৪ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাওবাদী) নামৰ দল প্ৰতিষ্ঠা কৰে আৰু নিজৰ কাৰ্যকলাপ প্ৰসাৰিত কৰে।
ভাৰতৰ প্ৰায় ৪০% অঞ্চলত তেওঁলোকৰ কাৰ্যকলাপ বাঢ়িব ধৰে, বিশেষকৈ "ৰেড কৰিডৰ' অঞ্চলত প্ৰায় ৯২,০০০ বৰ্গ কিলোমিটাৰ এলাকা জুৰি তেওঁলোকৰ তৎপৰতা চলিব ধৰে। ভাৰতৰ চৰকাৰী চোৰাংচোৱা সংস্থা ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং (RAW)-ৰ মতে প্ৰায় ২০,০০০ মাওবাদী সক্ৰিয় ভাবে কাৰ্যক্ৰমত নিযুক্ত আছে। তেওঁলোকৰ ক্ৰমবৰ্ধমান প্ৰভাবত শঙ্কিত হৈ তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৈছিল যে মাওবাদী ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তাৰ বাবে অত্যন্ত বিপদজনক।