ধোলাভীড়া
From Wikipedia, the free encyclopedia
ধোলাভীড়া (গুজৰাটী: ધોળાવીરા) গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১ কি:মি: দূৰত্বত অৱস্থিত একে নামৰ গাঁওখনৰ পৰা লোৱা হৈছে। স্থানীয়ভাৱে কটাড়া টিম্বা নামেৰে জনাজাত ধোলাভীড়াত সিন্ধু সভ্যতাৰ নগৰৰ ভগ্নাৱশেষ আছে।[1] এই অঞ্চলটো সিন্ধু সভ্যতাৰ পাঁচখন বৃহত্তম ক্ষেত্ৰৰ অন্যতম আৰু ভাৰতত অৱস্থিত আটাইতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্বিক ক্ষেত্ৰসমূহৰ ভিতৰত এখন।[2][3] বৰ্তমান ধ্বংসপ্ৰাপ্ত এই নগৰখনক সেই সময়ৰ এখন সৰ্বশ্ৰেষ্ঠ নগৰ হিচাপে গণ্য কৰা হয়।[4] ধোলাভীড়া কচ্ছৰ ৰাণ অঞ্চলৰ কচ্ছ মৰুভূমি বণ্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত খাদিৰ বেট দ্বীপত অৱস্থিত। এই ঐতিহাসিক চতুৰ্ভূজাকাৰ নগৰখন উত্তৰে মানচৰ আৰু দক্ষিণে মানহাৰ নামৰ দুটা সুঁতিৰ মাজত প্ৰায় ৪৭ হেক্টৰ (১২০ একৰ) অঞ্চল জুৰি বিস্তৃত হৈ আছে।[5] পূৰ্বতে অনুমান কৰা মতে এই ঠাইখণ্ডত খ্ৰী:পূ: ২৬৫০-ৰ পৰা খ্ৰী:পূ:১৪৫০-লৈকে মানৱ অধিকৃত নগৰ আছিল[6] যদিও শেহতীয়া গৱেষণা অনুযায়ী এই সময়সীমা খ্ৰী:পূ: ৩৫০০-ৰ পৰা (প্ৰাক হৰপ্পা) খ্ৰী:পূ:১৮০০ (শেষ হৰপ্পাৰ প্ৰথমভাগ) হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।[7]
কটাড়া টিম্বা | |
খননস্থলীৰ একাংশ | |
অৱস্থিতি | খাদিৰবেট, কচ্ছ জিলা, গুজৰাট ভাৰত |
---|---|
প্ৰকাৰ | আবাসিক ক্ষেত্ৰ |
বিস্তৃতি | ৪৭ হেক্টৰ (১২০ একৰ) |
ইতিহাস | |
সময়সীমা | খ্ৰীষ্টপূৰ্ব ৩৫০০-১৮০০ |
সভ্যতা | সিন্ধু সভ্যতা |
অতিৰিক্ত তথ্য | |
বৰ্তমানৰ অৱস্থা | ধ্বংসপ্ৰাপ্ত |
সৰ্বসাধাৰণৰ প্ৰৱেশাধিকাৰ | উপলব্ধ |
১৯৬৭-৬৮ চনত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ জে পি যোশীয়ে এই ঠাইখণ্ড আৱিষ্কাৰ কৰে। আকাৰৰ ভিত্তিত ই সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতাৰ ৮খন প্ৰধান ক্ষেত্ৰৰ মাজত পঞ্চম। ১৯৯০ চনৰ পৰাই ধোলাভীড়াত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ দ্বাৰা খননকাৰ্য চলাই থকা হৈছে। ধোলাভীড়াই সিন্ধু সভ্যতাৰ বৈশিষ্ট্যত এক নতুন দিশ প্ৰদান কৰিছে বুলি সংস্থাটোৱে মত প্ৰকাশ কৰে[8] হৰপ্পা সভ্যতাৰ এতিয়ালৈকে আৱিষ্কৃত প্ৰধান ক্ষেত্ৰসমূহৰ ভিতৰত হৰপ্পা, মহেঞ্জোদাৰো, গনেৰিৱালা, ৰাখীগাঢ়ী, কালিবংগন, ৰূপনগৰ আৰু লোথালেই প্ৰধান।
২০২১ বৰ্ষৰ ২৭ জুলাই তাৰিখে ধোলাভীড়াক ইউনেস্ক'ৱে বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভুক্ত কৰে৷ [9]