ধীৰনাৰায়ণ
চুতীয়া ৰজা / From Wikipedia, the free encyclopedia
ধীৰনাৰায়ণ (ইংৰাজী: Dhirnarayana) চুতীয়া ৰাজ্যৰ এজন ৰজা আছিল। তেওঁ আছিল চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা। পিতৃ পুৰন্দৰ পালৰ মত্যুৰ পিছত তেওঁৰ পুত্ৰ ধীৰনাৰায়ণে ১৫০০ খ্ৰীঃত সধয়াপুৰীৰ সিংহাসনত আৰোহণ কৰে ধীৰনাৰায়ণ এজন ন্যায় পৰায়ণ আৰু সাহসী ৰজা হোৱা বাবে ৰাজ্যৰ সীমা লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিহিং নদীলৈকে বিস্তাৰ কৰিছিল। উত্তৰপাৰে উত্তৰ লখিমপুৰ পাৰ হৈ বিশ্বনাথলৈকে সীমা আছিল। সীমাৰ সিপাৰে অৰ্থাৎ পশ্চিমে ভূঞাসকলে ৰাজত্ব কৰিছিল। ভুঞা সকলৰ লগত মাজে সময়ে সীমাৰ বিবাদ চলি আছিল। এই ভূঞা সকল ধীৰনাৰায়ণৰ ৰাজত্ব কালচোৱাত পৰাধীন কৰি ৰাখিছিল।
ক্ষিপ্ৰ তথ্য ধীৰনাৰায়ণ, ৰাজত্ব ...
ধীৰনাৰায়ণ | |
---|---|
ৰাজত্ব | ১৫০০ – ১৫২২ |
উত্তৰসূৰী | নীতিপাল |
বাসগৃহ | চুতীয়া ৰাজবংশ |
পিতৃ | পুৰন্দৰ পাল |
বন্ধ কৰক