ধাই
From Wikipedia, the free encyclopedia
ধাই বা প্ৰসুতিকা (ইংৰাজী: Midwife) হৈছে এগৰাকী স্বাস্থ্যৰ সৈতে সম্পৰ্কিত পেছাদাৰী ব্যক্তি, যিয়ে প্ৰসৱৰ আগে-পিছে মাতৃ আৰু নৱজাতকৰ যত্ন লয় আৰু ধাইসকলৰ এই বিশেষত্বক প্ৰসুতিবিদ্যা বোলা হয়।
ধাত্ৰী চ’ন’গ্ৰাফাৰে এগৰাকী গৰ্ভৱতী মহিলাৰ আলট্ৰাচাউণ্ড কৰিছে | |
জীৱিকা | |
---|---|
নাম | ধাত্ৰী (Midwife)[1] |
প্ৰকাৰ |
পেছাদাৰী |
সক্ৰিয়তাৰ ক্ষেত্ৰ |
ধাত্ৰী, প্ৰসুতি বিশেষজ্ঞ, নৱজাতকৰ যত্ন, মহিলাৰ স্বাস্থ্য, প্ৰজনন স্বাস্থ্য |
বিৱৰণ | |
যোগ্যতা | পৰিয়াল পৰিকল্পনা, গৰ্ভাৱস্থা, প্ৰসৱ, জন্ম, প্ৰসৱৰ পিছৰ যত্ন, নৱজাতকৰ যত্ন, মহিলাৰ স্বাস্থ্য, প্ৰজনন স্বাস্থ্য, আৰু প্ৰসুতিকাৰ সামাজিক, মহামাৰী আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ জ্ঞান, পেছাদাৰী আচৰণ আৰু নিৰ্দিষ্ট দক্ষতা [2] |
প্ৰয়োজনীয় শিক্ষা |
* প্ৰসুতিবিদ্যাৰ স্নাতক
|
নিযুক্তিৰ ক্ষেত্ৰ |
চিকিৎসালয়, ক্লিনিক, হেল্থ ইউনিট, মেটাৰনিটি ইউনিট, জন্ম কেন্দ্ৰ, ব্যক্তিগত চিকিৎসালয়, ঘৰতে জন্ম ইত্যাদি। |
সম্পৰ্কিত চাকৰি |
প্ৰসুতি বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ, শিশুৰোগ বিশেষজ্ঞ |
ধাইসকলৰ শিক্ষা আৰু প্ৰশিক্ষণে মহিলাসকলৰ গোটেই জীৱনকালত যত্ন লোৱাৰ ওপৰত ব্যাপকভাৱে মনোনিৱেশ কৰে; লগতে মনোনিবেশ কৰে, কোনটো সাধাৰণ আৰু কোনটো বিষয়ত অধিক মূল্যায়নৰ প্ৰয়োজন, তাক চিনাক্ত কৰাত। বেছিভাগ দেশতে ধাত্ৰীসকলক দক্ষ স্বাস্থ্যসেৱা প্ৰদানকাৰী হিচাপে স্বীকৃতি দিয়া হয়। স্বাভাৱিক প্ৰসৱ আৰু অস্বাভাৱিক প্ৰসৱৰ ক্ষেত্ৰত কেনেকৈ কাৰ্য-ব্যৱস্থা ল’ব লাগে, সেই সংক্ৰান্তত ধাত্ৰীসকলক প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকে পিঠিৰ ফালে মুখ দি ওভতাকৈ জন্ম়, পিঠিৰ বিপৰীত ফালে মুখ দি ওভতাকৈ জন্ম আৰু যমজ সন্তানৰ জন্মৰ দৰে অতি বিপজ্জনক পৰিস্থিতিত অনাক্ৰমণীয় কৌশল ব্যৱহাৰ কৰি মোকাবিলা কৰিব পাৰে। গৰ্ভাৱস্থা আৰু জন্মৰ সৈতে জড়িত জটিলতাসমূহ, যিবোৰ ধাত্ৰীৰ অনুশীলনৰ পৰিসৰৰ বাহিৰত থাকে, য'ত অস্ত্ৰোপচাৰ আৰু যন্ত্ৰৰ দ্বাৰা প্ৰসৱ কৰাও অন্তৰ্ভুক্ত, তেওঁলোকে তেওঁলোকৰ ৰোগীক চিকিৎসক বা অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ ওচৰলৈ পঠিয়াই দিয়ে।[3] [4] পৃথিৱীৰ বহু ঠাইত এই বৃত্তিসমূহত জড়িত পেছাদাৰীসকলে একেলগে কাম কৰি সন্তান জন্ম দিয়া মহিলাসকলক যত্ন লোৱাৰ ব্যৱস্থা কৰে। কিছুমান দেশত ধাত্ৰীসকলক কেবল প্ৰসুতিৰ যত্ন ল’বলৈহে দিয়া হয় আৰু আন কিছুমান দেশত ধাত্ৰীতকৈ মূলতঃ প্ৰসূতি বিশেষজ্ঞক অগ্ৰাধিকাৰ দিয়া হয়।
বহু উন্নয়নশীল দেশে ধাত্ৰীসকলৰ প্ৰশিক্ষণৰ বাবে আৰু কেতিয়াবা পৰম্পৰাগত জন্ম পৰিচাৰিকা হিচাপে কাম কৰা সেই লোকসকলৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে ধন বিনিয়োগ কৰিছে। আনহাতে ধনৰ নাটনিৰ বাবে বৰ্তমান কিছুমান জৰুৰী প্ৰাথমিক চিকিৎসা সেৱাৰ অভাৱ হোৱাও দেখা যায়।