ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়
ভাৰতৰ মুখ্য ন্যায়াধীশ / From Wikipedia, the free encyclopedia
ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় (জন্মঃ ১১ নৱেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় ন্যায়াধীশ যি ভাৰতৰ পঞ্চাশতম আৰু বৰ্তমানৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।[3][4] তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জে-১ (বা মুখ্য ন্যায়াধীশৰ পিছত জ্যেষ্ঠ ন্যায়াধীশৰ) হিচাপে ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষৰ প্ৰাক্তন কাৰ্যবাহী অধ্যক্ষ।[5] তদুপৰি তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ।
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় | |||||||||
---|---|---|---|---|---|---|---|---|---|
২০১৭ চনতধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় | |||||||||
ভাৰতৰ ৫০তম মুখ্য ন্যায়াধীশ | |||||||||
পদাধিকাৰ | |||||||||
কাৰ্যভাৰ গ্ৰহণ ৯ নৱেম্বৰ ২০২২ | |||||||||
নিয়োগকৰ্তা | দ্ৰৌপদী মূৰ্মু | ||||||||
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী | ||||||||
পূৰ্বসূৰী | উদয় উমেশ ললিত | ||||||||
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ | |||||||||
পদাধিকাৰ | |||||||||
কাৰ্যভাৰ গ্ৰহণ ১৩ মে' ২০১৬ | |||||||||
মনোনয়নকৰ্তা | তীৰথ সিং ঠাকুৰ | ||||||||
নিয়োগকৰ্তা | প্ৰণৱ মুখাৰ্জী | ||||||||
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ | |||||||||
কাৰ্যকাল ৩১ অক্টোবৰ ২০১৩ – ১২ মে' ২০১৬[1] | |||||||||
মনোনয়নকৰ্তা | পি. সদাশিৱম | ||||||||
নিয়োগকৰ্তা | প্ৰণৱ মুখাৰ্জী | ||||||||
বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ | |||||||||
কাৰ্যকাল ২৯ মাৰ্চ ২০০০ – ৩০ অক্টোবৰ ২০১৩ | |||||||||
মনোনয়নকৰ্তা | আদৰ্শ সেইন আনন্দ | ||||||||
নিয়োগকৰ্তা | কে আৰ নাৰায়ণন | ||||||||
ব্যক্তিগত তথ্য | |||||||||
জন্ম | ১১ নৱেম্বৰ, ১৯৫৯ (৬৪ বছৰ)[2] বোম্বে, বোম্বে ষ্টেট, ভাৰত (বৰ্তমান মুম্বাই, মহাৰাষ্ট্ৰ) | ||||||||
দাম্পত্যসঙ্গী | ৰশ্মি চন্দ্ৰচূড় (বি. ২০২৪; মৃ. ২০০৭) কল্পনা দাস | ||||||||
সন্তান | ৪ | ||||||||
পিতৃ | যশৱন্ত বিষ্ণু চন্দ্ৰচূড় | ||||||||
শিক্ষানুষ্ঠান | চেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী (বি.এ.) ফেকাল্টি অফ ল', দিল্লী বিশ্ববিদ্যালয় (এল.এল.বি.) হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (এল.এল.এম, এছ.জে.ডি.) | ||||||||
|
যশৱন্ত বিষ্ণু চন্দ্ৰচূডৰ ঘৰত জন্মগ্ৰহণ কৰা তেখেতে দিল্লী বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পূৰ্বে চুলিভান এণ্ড ক্ৰমৱেলৰ বাবে আৰু বম্বে উচ্চ ন্যায়ালয়ত প্ৰেকটিছ কৰিছিল। তেওঁ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু তাৰ পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হয়।
এজন উদাৰ ন্যায়াধীশ, তেওঁ গোপনীয়তা ৰায়দান আৰু সবৰীমালা গোচৰৰ দৰে যুগীয় ৰায়দান কৰা বিচাৰপীঠৰ অংশ হৈ আহিছে। তেওঁ অধ্যাপক হিচাপে মুম্বাই, ওকলাহোমা, হাৰ্ভাৰ্ড, ইয়েল আদি বিশ্ববিদ্যালয় ভ্ৰমণ কৰি আহিছে।
তেওঁ ন্যায়াধীশ উদয় উমেশ ললিতৰ পিছত ২০২২ চনৰ ৯ নৱেম্বৰত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে (৬২ বছৰ, ১১ মাহ আৰু ২৯ দিন বয়সত) যাৰ পূৰ্বে তেওঁৰ মনোনয়নক স্বাৰ্থৰ সংঘাতৰ দোহাই দি প্ৰত্যাহ্বান জনোৱা হয়। চন্দ্ৰচূডৰ শপত গ্ৰহণৰ এসপ্তাহ পূৰ্বে ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই আবেদন খাৰিজ কৰিছিল।[6]