দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬
From Wikipedia, the free encyclopedia
দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬ (ইংৰাজী: Officially the XII South Asian Games), অসম আৰু মেঘালয়ৰ ৰাজধানী গুৱাহাটী আৰু ছিলঙত ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া এক বৃহৎ বহু-ক্ৰীড়া প্ৰতিযোগিতা দক্ষিণ এছিয় ক্ৰীড়াৰ শেহতীয়া সংস্কৰণ। [1] উক্ত প্ৰতিযোগিতাৰ ২৩টা বিভিন্ন খেলৰ ২২৮টা ভাগত অংশগ্ৰহণ কৰিবলৈ সৰ্বমুঠ ২,৬৭২ জন ক্ৰীড়াবিদৰ আগমন ঘটিব।[2] এই প্ৰতিযোগিতা ২০১২ চনত নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া আছিল। কিন্তু ভাৰতীয় অলিম্পিক সংস্থাৰ নিলম্বন আৰু দিল্লীৰ নিৰ্বাচনৰ বাবে ২০১৫ চনলৈ পিছুৱাই দিয়া হয়। পিছলৈ আকৌ ২০১৬ চনৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হয়। [3] প্ৰতিযোগিতা খনৰ উদ্ভোধনী অনুষ্ঠান ৫ ফেব্ৰুৱাৰী, ২০১৬ গুৱাহাটীত অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানৰ মূখ্য অতিথী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল।[4] প্ৰতিযোগিতাত ভাৰতে সৰ্বোচ্চ ১৮৮টা স্বৰ্ণ পদক সহ মুঠ ৩০৮টা পদক জয়লাভেৰে শীৰ্ষস্থান অধিকাৰ কৰে।[5]
![]() | |
Host city | গুৱাহাটী আৰু ছিলং |
---|---|
Motto | " শান্তি, উন্নতি আৰু সমৃদ্ধিৰ বাবে ক্ৰীড়া" |
Nations participating | ৮ |
Athletes participating | ২,৬৭২ |
Events | ২৩ টা খেলৰ ২২৮টা ভাগ |
Opening ceremony | ৫ ফেব্ৰুৱাৰী (গুৱাহাটী) ৬ ফেব্ৰুৱাৰী (ছিলং) |
Closing ceremony | ১৬ ফেব্ৰুৱাৰী |
Officially opened by | নৰেন্দ্ৰ মোদী |
Main venue | ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (গুৱাহাটী) জৱাহৰলাল নেহেৰু ষ্টেডিয়াম, ছিলং |