![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a0/Deepankar_%2528Deep%2529_Medhi.jpg/640px-Deepankar_%2528Deep%2529_Medhi.jpg&w=640&q=50)
দীপ মেধি
From Wikipedia, the free encyclopedia
দীপাংকৰ "দীপ" মেধি বিশ্বৰ এগৰাকী আগশাৰীৰ অসমীয়া কম্পিউটাৰ বিজ্ঞানী আৰু অধ্যাপক। কম্পিউটাৰ বিজ্ঞানৰ ‘নেটৱৰ্ক’ শাখাত তেখেতৰ শিক্ষণ, গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বতে বহুল সমাদৃত হৈছে।
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
দীপাংকৰ মেধি (দীপ) | |
---|---|
![]() | |
জন্ম | ১৯৬২ চন গুৱাহাটী, কামৰূপ, অসম |
বাসস্থান | আমেৰিকা যুক্তৰাজ্য |
নাগৰিকত্ব | আমেৰিকা যুক্তৰাজ্য |
ক্ষেত্ৰ | কম্পিউটাৰ বিজ্ঞান |
শিক্ষানুষ্ঠান | কটন কলেজ গুৱাহাটী বিশ্ববিদ্যালয় ছেইণ্ট ষ্টিফেন্স কলেজ, দিল্লী বিশ্ববিদ্যালয়, Wisconsin-Madison বিশ্ববিদ্যালয়, USA |
জনা যায় | কম্পিউটাৰ নেটৱৰ্কছ্ |
উল্লেখনীয় বঁটা | Institute of Electrical and Electronics Engineers (IEEE) ৰ ‘ফেলো’ |
তেখেত আমেৰিকা যুক্তৰাজ্যৰ Missouri-Kansas City বিশ্ববিদ্যালয়ৰ ‘কম্পিউটাৰ বিজ্ঞান আৰু ইলেক্ট্ৰিকেল আভিযান্ত্ৰিক’ বিভাগৰ ‘বিশিষ্ট অধ্যাপক’। এই বিশ্ববিদ্যালয়ত যোগ দিয়াৰ আগতে তেখেতে AT&T Bell Laboratories ত ‘কাৰিকৰী বিষয়া’ হিচাপে teletraffic network routing and design ত কাম কৰিছিল। AT&T Bell Laboratories ত থাকোঁতে তেখেতে Facility Diverse Routing ব্যৱস্থাৰ সহ-উদ্ভাৱন কৰিছিল।
তেখেত ডেনমাৰ্কৰ কাৰিকৰী বিশ্ববিদ্যালয় আৰু ফ্ৰান্সৰ পেৰিছত থকা Universite' Pierre et Marie Curie (UPMC, সম্প্ৰতি Sorbonne নামে জনাজাত) ত ‘অতিথি অধ্যাপক’ হিচাপে কাম কৰিছিল। তেওঁ ছুইডেনৰ লণ্ড ইনষ্টিটিউটত অফ টেকন’লজিৰ এগৰাকী ভিজিটিং ৰিচাৰ্ছ ফেলো আছিল, তেওঁ ব্ৰাজিলিয়ান চায়েন্স ম’বিলিটি প্ৰগ্ৰামৰ অধীনত ব্ৰাজিলৰ কেম্পিনাচ বিশ্ববিদ্যালয়ৰ গৱেষণা দৰ্শনাৰ্থী আছিল আৰু ফুলব্ৰাইট ছিনিয়ৰ বিশেষজ্ঞ হিচাবে কাম কৰিছিল। তেওঁৰ হ্ৰস্ব-কালীন যাত্ৰাৰ ভিতৰত আছে প্ৰিন্সটন বিশ্ববিদ্যালয় (Princeton University), এমআইটি (MIT) আৰু কেটিএইচ ৰয়েল ইনষ্টিটিউট অফ টেকন’লজি (KTH Royal Institute of Technology)। তেখেত আইআইটি, গুৱাহাটীৰ ‘কম্পিউটাৰ বিজ্ঞান আৰু আভিযান্ত্ৰিক’ বিভাগৰো এগৰাকী ‘সন্মানীয় অধ্যাপক’।
সম্প্ৰতি তেখেত আমেৰিকা যুক্তৰাজ্যৰ National Science Foundation (NSF) ৰ Computer & Network Systems (CNS) Division ত ‘প্ৰকল্প সঞ্চালক’ হিচাপে কৰ্মৰত।
তেখেত Institute of Electrical and Electronics Engineers (IEEE) ৰ এগৰাকী ‘ফেলো’। এই সন্মান পোৱা তেখেত প্ৰথমগৰাকী অসমীয়া ব্যক্তি।