দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য / From Wikipedia, the free encyclopedia
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Dehing Patkai National Park) অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই বৃহত্তৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ এক অংশ। এই ৰাষ্ট্ৰীয় উদ্যানক বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক 'পূবৰ আমাজান' (The Amazon of the east) বুলিও আখ্যা দিয়া হয়।[2] এই অঞ্চলটোৰ চহকী জৈৱবৈচিত্ৰ্যৰ উপৰি ঐতিহাসিকভাৱে তাৎপৰ্য্যপূৰ্ণ স্থান যেনে দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিস্থলসমূহ, ষ্টিলৱেল পথ আৰু এছিয়াৰ আটাইতকৈ পুৰণি ডিগবৈ তৈলশোধনাগাৰ আদিৰ অৱস্থিতিও গুৰুত্বপূৰ্ণ।[3] ২০০৪ চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল। ২০২০ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰস্তাৱিত কৰে আৰু ২০২১ চনৰ ৯ জুন তাৰিখৰ এক ৰাজপত্ৰিত নিৰ্দেশৰ যোগেদি ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হয়। [4]
ক্ষিপ্ৰ তথ্য দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, অৱস্থান ...
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
দিহিং পাটকাই শতাধিক পক্ষীৰ আবাসস্থল। | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | ডিব্ৰুগড়, তিনিচুকীয়া |
মাটিকালি | ২৩৪.২৬ বৰ্গ কিলোমিটাৰ[1] |
প্ৰতিস্থা | ২০০৪ |
কৰ্তৃপক্ষ | অসম চৰকাৰৰ বন বিভাগ |
বন্ধ কৰক