দিহিং পাটকাই উৎসৱ
From Wikipedia, the free encyclopedia
দিহিং পাটকাই উৎসৱ (ইংৰাজী: Dehing Patkai Festival) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ। পাটকাই পৰ্বত আৰু দিহিং নদীৰ নাম অনুসৰি এই উৎসৱৰ নাম দিহিং পাটকাই উৎসৱ ৰখা হৈছে।[1][2][3] ২০০২ চনৰ পৰা এই উৎসৱ নিয়মীয়াকৈ উদ্যাপন কৰি অহা হৈছে। ২০০২ বৰ্ষৰ উৎসৱত মুখ্য অতিথি আছিল সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ এ পি জে আব্দুল কালাম। পৰ্যটক সকলক আনন্দ-উল্লাস কৰাৰ সুবিধা কৰি দিয়া লক্ষ্যৰে এই উৎসৱ অসম চৰকাৰে আয়োজন কৰে।[1]
এই অসম সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য দিহিং পাটকাই উৎসৱ, আৰম্ভ ...
দিহিং পাটকাই উৎসৱ | |
---|---|
আৰম্ভ | ১৬ জানুৱাৰী |
শেষ | ১৯ জানুৱাৰী |
অন্তৰ | বাৰ্ষিক |
ঠাই | লেখাপানী, তিনিচুকীয়া, অসম |
প্ৰথমবাৰ পালন | ডিচেম্বৰ, ২০০২ |
বন্ধ কৰক