দক্ষিণ এছিয় ক্ৰীড়া
From Wikipedia, the free encyclopedia
দক্ষিণ এছিয় ক্ৰীড়া (ইংৰাজী: South Asian Games, SA Games) দ্বি-বাৰ্ষিকভিত্তিত প্ৰবৰ্তিত বহু-ক্ৰীড়া প্ৰতিযোগিতা হিচাপে দক্ষিণ এছিয়াৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰিবলৈ অনুষ্ঠিত কৰা হয়। কিন্তু মাজে মাজে অনিয়মিতভাবে অনুষ্ঠিত হোৱা দেখা যায়। ১৯৮৩ চনত দক্ষিণ এছিয় ক্ৰীড়া সংস্থা গঠন কৰা হয়। সংস্থাৰ পৰিচলনা পৰিষদ কৰ্তৃকে সৰ্বপ্ৰথমে এই প্ৰতিযোগিতা ১৯৮৪ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত কৰে। ২০০৪ চনলৈ এই প্ৰতিযোগিতাৰ নাম আছিল দক্ষিণ এছিয় ফেডাৰেশ্বন ক্ৰীড়া বা চাফ গেমচ্। এই সংস্থাৰ বৰ্তমান সদস্যৰ সংখ্যা হল ৮। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ নতুন সদস্য দেশ হিচাপে আফগানিস্তানে এতিয়ালৈকে দুটি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰতিষ্ঠাকালীন সময়ৰে পৰা বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা একাদশ প্ৰতিযোগিতাৰ সকলোতে অংশগ্ৰহণ কৰিছে।
![Thumb image](http://upload.wikimedia.org/wikipedia/as/1/16/Logo_of_South_Asian_Games.jpg)
দক্ষিণ এছিয় ক্ৰীড়াৰ শেষৰ সংস্কৰণ প্ৰতিযোগিতাটি ২০১০ চনত বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হয়। ২০১৩ চনৰ প্ৰতিযোগিতাটি ১৩-২১ ফেব্ৰুৱাৰীত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া আছিল।[1] পিছে এই ক্ৰীড়া বাতিল হল। এই প্ৰতিযোগিতাৰ শেহতীয়া সংস্কৰণ ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ দপ্তৰৰ স্বতন্ত্ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা মতে ৬-১৬ ফেব্ৰুৱাৰী, ২০১৬ চনত অসম আৰু মেঘালয়ত অনুষ্ঠিত হব।[2]