অসমগোৱালপাৰা জিলাৰ আগিয়াৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত অৱস্থিত বায়দাত অৱস্থিত এখন থান হ'ল শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দ'দান থান৷ প্ৰতিবছৰে ফাগুনৰ শুক্লা মহাষ্টমীৰ পৰা একাদশীলৈ ইয়াত এখন মেলা উদযাপন কৰা হয়৷ ১৯৭১ চনৰ পৰা ৰাভাসকলে পৰম উলহ-মালহেৰে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে৷ এই মেলাত শিৱৰ (ৰিছি) পূজা-অৰ্চনা কৰাৰ লগতে বীৰ ৰজা দ'দান আৰু দ'দান ৰজাৰ সেনাপতি মাৰুক্ষেত্ৰীলৈ শ্ৰদ্ধাৰ্য্য তৰ্পণ কৰা হয়৷ পূৰ্বতে যদিও দ'দান মেলাত শাক্ত পূজাৰ প্ৰচলন আছিল, সম্প্ৰতি বৈষ্ণৱ আচাৰ-নীতিৰে পূজা-অৰ্চনা কৰা হয়৷[1]

ক্ষিপ্ৰ তথ্য দ'দান থান, ভূ-স্থানাংক ...
দ'দান থান
Thumb
শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দ'দান থান
Thumb
দ'দান থান
দ'দান থান
অসমত গোৱালপাৰা জিলাত থানখনৰ অৱস্থান
ভূ-স্থানাংক 26°59′47″N 90°53′49″E
নাম
অন্য নাম শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দ'দান থান
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা গোৱালপাৰা
এলেকা আগিয়া, বায়দা, গোৱালপাৰা
স্থাপত্য আৰু সংস্কৃতি
মন্দিৰৰ সংখ্যা এটা
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
অজ্ঞাত
বন্ধ কৰক

ইতিহাস

Thumb
দ'দান ৰজাৰ প্ৰতিকৃতি

অসমত বাস কৰা চীন-তিব্বতীয় মূলৰ এটা জনগোষ্ঠী হ'ল ৰাভা জনগোষ্ঠী৷ জনশ্ৰুতি অনুসৰি ৰাভাসকলৰ আদি ৰজা দ'দান৷ প্ৰবল পৰাক্ৰমী এই দ'দান ৰজা হেনো প্ৰথমে বাণ ৰজাৰ সেনাপতি আছিল৷ অৱশ্যে কোনো কোনোৰ মতে দ'দান বাণ ৰজাৰ ভাগিনীয়েক আছিল৷ আন কোনোৱে আকৌ বাণ ৰজাৰ জ্যেষ্ঠ পুত্ৰ ইন্দ্ৰদমনকেই দ'দান বুলিও বিশ্বাস কৰে৷[1]

বাণ ৰজাৰ জীয়ৰী উষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই অগ্নিগড়ৰৰ ভিতৰতে গন্ধৰ্ব বিবাহ কৰোৱা বুলি জানি বাণ ৰজাই নাগপাশেৰে বন্দী কৰি ৰাখে৷ এই কথা শুনি শ্ৰীকৃষ্ণই আহি বাণ ৰজাৰ লগত যুদ্ধ কৰে৷ হৰি-হৰৰ যুদ্ধ ৰূপে পৰিগণিত এই যুদ্ধত বাণ ৰজাৰ সৈন্য ছেদেলি-ভেদেলি হৈ পৰাত প্ৰ্ধান সেনাপতি দ'দানেও যুদ্ধত আহত হৈ ৰাজ্য ত্যাগ কৰি শেষত 'দক্ষিণ কোল'লৈ আহি ৰাজ্য স্থাপন কৰে৷ দ'দানে মাৰুক্ষেত্ৰীকে ধৰি স্বজন-সামন্তলৈ তুৰা-ফুলবাৰীলৈ আহি তাতে নিগাজিকৈ ৰাজ্য স্থাপন কৰে৷[1]

ৰাভাসকল শাক্তপন্থী৷ যিহেতু দ'দান শিৱভক্ত আছিল, সেয়ে ৰাভাসকলে শিৱক (ৰিছি) প্ৰধান দেৱতা হিচাপে গণ্য কৰে৷ এই মেলাত ৰাভা জনগোষ্ঠীৰ বিভিন্ন নৃত্য-গীত অনুষ্ঠিত হোৱাৰ লগতে চাৰ্কাছ, চিনেমা, মিনাবজাৰ দৰে অনুষ্ঠানো অনুষ্ঠিত হয়৷[1]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.