থৰ মৰুভূমি
From Wikipedia, the free encyclopedia
থৰ মৰুভূমি (ইংৰাজী: Thar Desert) ভাৰতৰ উত্তৰ-পশ্চিম তথা পাকিস্তানৰ দক্ষিণ অংশত অৱস্থিত এখন বিশাল মৰুভূমি। ২,০০,০০০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰা এই মৰুভূমিখনক ‘দ্য গ্ৰে’ট ইণ্ডিয়ান ডেজাৰ্ট’ বুলিও জনা যায়। থৰ পৃথিৱীৰ বিংশ তম সৰ্ববৃহৎ মৰুভূমি, আৰু পৃথিৱীৰ নৱম সৰ্ববৃহৎ উষ্ণ উপ-ক্ৰান্তীয় মৰুভূমি। থৰ মৰুভূমিৰ প্ৰায় ৮৫% ভাৰতত আৰু বাকী ১৫% পাকিস্তানত আছে।[3] ভাৰতৰ মুঠ ভৌগোলিক মাটিকালিৰ প্ৰায় ৪.৫৬% ঠাই থৰ মৰুভূমিয়ে আগুৰি আছে। মৰুভূমিখনৰ ৬০% তকৈও অধিকাংশ ৰাজস্থানত পৰে যদিও ভাৰতৰ আন তিনিখন ৰাজ্য ক্ৰমে গুজৰাট, পঞ্জাব আৰু হাৰিয়ানালৈ আৰু পাকিস্তানৰ সিন্ধ আৰু পঞ্জাব প্ৰান্তলৈ ই বিস্তৃত হৈ আছে।[4]
ক্ষিপ্ৰ তথ্য থৰ মৰুভূমি দ্য গ্ৰে’ট ইণ্ডিয়ান ডেজাৰ্ট, পাৰিস্থিতিক ...
থৰ মৰুভূমি দ্য গ্ৰে’ট ইণ্ডিয়ান ডেজাৰ্ট | |
---|---|
থৰ মৰুভূমি, ৰাজস্থান, ভাৰত | |
থৰ মৰুভূমিৰ মানচিত্ৰ | |
পাৰিস্থিতিক | |
ইক’জ’ন | ইণ্ড’মালায়ান |
বায়’ম | deserts and xeric shrublands |
সীমা | Northwestern thorn scrub forests আৰু Rann of Kutch seasonal salt marsh |
ভৌগোলিক | |
মাটিকালি | 2,38,254 বৰ্গ কি.মি. (91,990 বৰ্গ মাইল) |
দেশসমূহ | ভাৰত আৰু পাকিস্তান |
ভাৰতৰ ৰাজ্য আৰু পাকিস্তানৰ প্ৰদেশসমূহ | ৰাজস্থান, গুজৰাট, হাৰিয়ানা, পঞ্জাব (ভাৰত), পঞ্জাব আৰু সিন্ধ (পাকিস্তান) |
স্থানাংক | সাঁচ:Coord/display/title, inline |
সংৰক্ষণ | |
সংৰক্ষণৰ স্থিতি | অসুৰক্ষিত[1] |
সংৰক্ষিত | ৪১,৮৩৩ বৰ্গ কিলোমিটাৰ (১৮%)[2] |
বন্ধ কৰক