থানে
From Wikipedia, the free encyclopedia
থানে (IPA: [ˈʈʰaːɳeː]) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন নগৰ। ই থানে নিজৰাৰ শীৰ্ষত অৱস্থিত। থানে জিলাৰ ই প্ৰশাসনিক কেন্দ্ৰ। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত জি.আই.পি. ৰে'লৱেৰ ভাৰতত চলা প্ৰথমখন ৰেল "ব'ৰী বন্দৰ" (এতিয়াৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ)ৰ পৰা ৩৪ কিলোমিটাৰ আঁতৰৰ "থানে"লৈ চলিছিল। ইয়াৰ পৰাই এছিয়াত ৰেলসেৱাৰ সূত্ৰপাত হয়। থানে নগৰে ১৪৭ বৰ্গকিলোমিটাৰ ঠাই অধিকাৰ কৰি আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১.৮ নিযুত।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
থানে ठाणे |
|
---|---|
— City and district headquarters — | |
ভৌগোলিক স্থানাংক: 19.172431°N 72.957019°E / 19.172431; 72.957019 | |
দেশ | ভাৰত |
ৰাজ্য | মহাৰাষ্ট্ৰ |
জিলা | থানে |
মেট্ৰ' | ठाणे |
চৰকাৰ | |
- মেয়ৰ | এইচ্ছ. এছ. পাটিল |
মাটিকালি | |
- মুঠ | ১৪৭ কি.মি.২ (৫৬.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১৮,১৮,৮৭২ জন |
- জনঘনত্ব | ১২,৩৭৩.৩ প্ৰতি বৰ্গ কি.মি. (৩২,০৪৬.৬ প্ৰতি বৰ্গ মাইল) |
ভাষা | |
- চৰকাৰী | মাৰাঠী ভাষা |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
PIN | 400 6xx |
টেলিফোন ক'ড | 022 |
যানবাহনৰ নম্বৰ | MH-04 = MH-05 |
লোক সভা সমষ্টি | থানে |
বিধান সভা সমষ্টি | থানে |
ৱেবছাইট | http://www.thane.nic.in |