ত্ৰিভংগ
From Wikipedia, the free encyclopedia
ত্ৰিভংগ (ইংৰাজী: Tribhanga) পৰম্পৰাগত ভাৰতীয় কলা আৰু ওডিছী নৃত্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যপ্ৰকাৰত ব্যৱহৃত এক ভংগীমা বা শৰীৰৰ স্থিতি। এই ভংগীমাত শৰীৰ আঁঠুৰ ফালে এটা দিশত কঁকালত আৰু তাৰ পিছত পুনৰ কান্ধ আৰু ডিঙিত আনটো দিশত বেঁকা হৈ শৰীৰৰ তিনিটা ভাঁজৰ সৃষ্টি কৰে।[1][2] ভাৰতীয় কলাত ব্যৱহৃত এই ভংগীমা কমেও ২০০০ বছৰ পুৰণি। ভাৰতীয় ভাস্কৰ্য আৰু চিত্ৰকলাৰ অগণন উদাহৰণত বাৰে বাৰে ইয়াৰ পুনৰাবৃত্তি হোৱা দেখা যায়।[3] ভাৰতীয় ধৰ্মই ইয়াক পূব আৰু দক্ষিণ-পূব এছিয়ালৈ লৈ গৈছিল। পাশ্চাত্য কলাৰ কণ্ট্ৰেপোষ্টো আৰু "এছ কাৰ্ভ" অৰ্থাৎ ইংৰাজী 'S' আকৃতিৰ দৰে ভাঁজৰ সমতুল্য ত্ৰিভংগয়ে চিত্ৰসমূহত গতিক সূচায় আৰু "ছন্দময় তৰলতা আৰু যৌৱন শক্তি"ক প্ৰতিনিধিত্ব কৰে।[4]