তেজপুৰ বিমানবন্দৰ
From Wikipedia, the free encyclopedia
তেজপুৰ বিমানবন্দৰ (ইংৰাজী: Tezpur Airport) (আইএটিএ: TEZ, আইচিএঅ’: VETZ) ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ সমীপৱৰ্তী হলেশ্বৰ মন্দিৰৰ নিলগত অৱস্থিত। এই বিমানবন্দৰটো স্থানীয় লোকসকলৰ মাজত শালনীবাৰী বিমানকোঠ হিচাপে অধিক পৰিচিত। শালনীবাৰী নামে গাঁওখনত এই বন্দৰটো থকা হেতুকে এই নাম জনাজাত হৈ পৰে।[1]
ক্ষিপ্ৰ তথ্য তেজপুৰ বিমানবন্দৰ Tezpur Air Force Stationশালনি বিমানবন্দৰतेजपुर सैनिक हवाईअड्डा, আইএটিএ: TEZ – আইচিএঅ: VETZ ...
তেজপুৰ বিমানবন্দৰ
| |||
---|---|---|---|
IAF Sukhoi Su-30 combat aircraft | |||
আইএটিএ: TEZ – আইচিএঅ: VETZ | |||
সংক্ষিপ্ত | |||
প্ৰকাৰ | ভাৰতীয় বায়ু সেনা / অসামৰিক বিমানবন্দৰ | ||
অধিকাৰী | ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ | ||
অপাৰেটৰ | ভাৰতীয় বায়ু সেনা | ||
অৱস্থান | তেজপুৰ | ||
উচ্চতা | 240 ফুট / 73 মিটাৰ | ||
স্থানাঙ্ক | 26°42′44″N 092°47′14″E | ||
উড্ডায়ন পথ | |||
দিকনিৰ্দেশনা | দৈৰ্ঘ্য | উপৰিতল | |
ফুট | মিটাৰ | ||
05/23 | 9,010 | 2,746 | Asphalt |
বন্ধ কৰক
তেজপুৰ বিমান বন্দৰ ভাৰতীয় বিমান বাহিনীৰ এটা উল্লেখযোগ্য বন্দৰ। ইয়াত বহুতো যুঁজাৰু বিমান ছুখয় চি-৩০ (ইংৰাজী: Sukhoi Su-30) ৰখা হৈছে[2]। কাৰণ, এই বিমান বন্দৰৰ অৱস্থান কূটনৈতিক কৌশলৰ ফালৰ পৰা ভূটান, তিব্বত, চীন, ম্যানমাৰ আৰু বাংলাদেশৰ মাজত।