From Wikipedia, the free encyclopedia
হিন্দু ধৰ্মত তিলক (সংস্কৃত: तिलक ), বা কথিত ভাষাত টিকা, সাধাৰণতে কপালত, অজ্ঞা চক্ৰৰ বিন্দুত (তৃতীয় চকু বা আধ্যাত্মিক চকু) আৰু কেতিয়াবা শৰীৰৰ অন্যান্য অংশ যেনে ডিঙি, হাত, বুকু বা বাহুত পিন্ধা চিহ্ন।[1] আঞ্চলিক ৰীতি-নীতিৰ ওপৰত নিৰ্ভৰ কৰি সজ্জাৰ উদ্দেশ্যে, সাম্প্ৰদায়িক সংযোগৰ প্ৰতীক হিচাপে, ৰীতি-নীতিৰ বাবে বা বিশেষ আধ্যাত্মিক আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবে দৈনিক তিলক পিন্ধিব পাৰি।[2][3] ইয়াক সন্মান প্ৰকাশ বা কাৰোবাক আহি পোৱাৰ লগে লগে আদৰিবলৈও ব্যৱহাৰ কৰা হয়।[4]
তিলকবোৰ বিভিন্ন ধৰণৰ শৈলী বা আকৃতিৰ হয় আৰু বিভিন্ন সামগ্ৰী যেনে "যজ্ঞৰ ছাই বা গৰুৰ গোবৰৰ ছাই, চন্দন পিহা, হালধি, মাটি, কয়লা বা ৰঙা সীহ" ব্যৱহাৰ কৰি সজাই তোলা হয়।[5][6][7]
বিভিন্ন হিন্দু ধৰ্মগোষ্ঠীয়ে বিভিন্ন সামগ্ৰী আৰু আকৃতি ব্যৱহাৰ কৰি তিলক তৈয়াৰ কৰে।[6]
পৰম্পৰাগতভাৱে এজন নিষ্ঠাৱান বৈষ্ণৱে শৰীৰৰ বাৰটা অংশ তিলক আৰু অন্যান্য প্ৰতীকেৰে চিহ্নিত কৰিব পাৰে, কিন্তু আটাইতকৈ বিশিষ্ট তিলকটো কপালত প্ৰদৰ্শিত হয়। বৈষ্ণৱ তিলক, যাক উৰ্ধ্ব পুন্দ্ৰ বুলিও কোৱা হয়, চুলিৰ ৰেখাৰ ঠিক তলৰ পৰা আৰম্ভ কৰি নাকৰ প্ৰায় শেষলৈকে দুটা বা তিনিটা উলম্ব ৰেখাৰে গঠিত আৰু মাজত দীঘলীয়া U-ৰ দ্বাৰা আঁকি দিয়া হয়। উৰ্ধ্ব পুন্দ্ৰৰ শৈলী সমগ্ৰ ভাৰতৰ প্ৰতিটো বৈষ্ণৱী পন্থাত আৰু চন্দন পিহা বা অন্যান্য বিভিন্ন সামগ্ৰীৰে তৈয়াৰ কৰিব পাৰি।[3][7]
ড° বিজয় প্ৰকাশ শৰ্মাৰ মতে জ্ঞাত শৈলীসমূহ হ'ল-[8] বিজয়শ্ৰী – মাজত বগা ৰেখা থকা বগা তিলক উৰ্ধ্ব পুন্দ্ৰ,[8] জয়পুৰৰ স্বামী বালানন্দই প্ৰতিষ্ঠা কৰা; বেণ্ডী তিলক – মাজত বগা ঘূৰণীয়া চিন থকা বগা তিলক উৰ্ধ্ব পুন্দ্ৰ,[9] বাদস্থান অযোধ্যাৰ স্বামী ৰামপ্ৰসাদ আচাৰ্যই প্ৰতিষ্ঠা কৰা; আৰু চতুৰ্ভুজী তিলক – বগা তিলক উৰ্ধ্ব পুন্দ্ৰ যাৰ ওপৰৰ অংশটো বিপৰীত দিশত ৯০ ডিগ্ৰী ঘূৰি, মাজত কোনো শ্ৰী নাই, বিহাৰৰ নাৰায়ণসকলে প্ৰতিষ্ঠা কৰা, অযোধ্যাৰ স্বৰ্গ দ্বাৰৰ তপস্বীসকলে ইয়াক অনুসৰণ কৰে।
অতিৰিক্ত শৈলীসমূহ হ’ল- বল্লভ সম্প্ৰদয় তিলক, ৰেৱাছা গড্ডীৰ শ্ৰী তিলক, ৰামচৰণদাস তিলক, শ্ৰীজিৱাৰাম তিলক, শ্ৰী জনকৰাজ কিশোৰী শৰণ ৰসিক আলিজী তিলক, শ্ৰী ৰূপকালজী তিলক, ৰূপসৰাজী তিলক, ৰামসাখী তিলক, কামনেন্দু মণি তিলক, কৰুণাসিন্ধুজী তিলক, স্বামীনাৰায়ণ তিলক, নিম্বৰকা তিলক, আৰু মাধৱ তিলক।[10]
বৈষ্ণৱ পৰম্পৰাৰ গ্ৰন্থ বাসুদেৱ উপনিষদত উৰ্ধ্ব পুন্দ্ৰা তিলকত তিনিটা উলম্ব ৰেখাৰ তাৎপৰ্য্য ব্ৰহ্ম, বিষ্ণু, শিৱৰ সোঁৱৰণী হিচাপে ব্যাখ্যা কৰা হৈছে; বৈদিক শাস্ত্ৰ – ঋগবেদ, যজুৰ্বেদ আৰু সমবেদ; ত্ৰিলোক ভূ, ভূৱ, স্বৰ; ওমৰ তিনিটা বৰ্ণ – ক, উ, ম ; চেতনাৰ তিনিটা অৱস্থা – জাগ্ৰত, সপোনৰ চিলমিল টোপনি, গভীৰ টোপনি; তিনিটা বাস্তৱ – মায়া, ব্ৰহ্ম আৰু আত্মা ; তিনিটা শৰীৰ – স্থুল, সুক্ষ্ম, আৰু কৰণ ৷[11][12]
ত্ৰিপুন্দ্ৰ বা ৰুদ্ৰ-তিলক হৈছে আন এটা প্ৰধান তিলক ৰূপ, আৰু ইয়াক প্ৰায়ে শিৱৰ অনুগামীসকলে পিন্ধে।[13][14] ইয়াৰ কপালৰ ওপৰেৰে তিনিটা অনুভূমিক বেণ্ড থাকে আৰু মাজত এটা উলম্ব বেণ্ড বা বৃত্ত থাকে। পৰম্পৰাগতভাৱে বলিদানৰ পৰা পবিত্ৰ ছাইৰে এই কাম কৰা হয়, যাক বিভূতি বুলিও কোৱা হয়। বিভূতিৰ ব্যৱহাৰ জগতৰ প্ৰতি বিচ্ছিন্নতা বা ত্যাগৰ প্ৰতীক।[15] এই ভিন্নতা দুয়োটাৰ ভিতৰত অধিক প্ৰাচীন আৰু সমগ্ৰ বিশ্বতে পিন্ধা একে ধৰণৰ চিহ্নৰ সৈতে বহুতো সাধাৰণ দিশ ইয়াত উমৈহতীয়া।[3] শৈৱ পৰম্পৰাগত গ্ৰন্থ কালাগ্নি ৰুদ্ৰ উপনিষদৰ ২য় অধ্যায়ত তিলকৰ তিনিটা শাৰী ব্যাখ্যা কৰা হৈছে: তিনি পবিত্ৰ অগ্নি, ওঁমৰ তিনিটা বৰ্ণ, তিনিটা গুণ, ত্ৰিজগত, তিনি প্ৰকাৰ আত্মা, নিজৰ মাজত তিনিটা শক্তি, প্ৰথম তিনি বেদ, বৈদিক পানীয় সোম তিনিবাৰ নিষ্কাশন। [16][17] প্ৰথম শাৰীক গড়পত্য (গৃহৰ পাকঘৰৰ পবিত্ৰ অগ্নি), ওঁমৰ আ বৰ্ণ, ৰজ গুণ, পৃথিৱী, বাহ্যিক আত্মা, ক্ৰিয়া – কৰ্ম শক্তি, ঋগ্বেদ, সোমৰ ৰাতিপুৱাৰ নিষ্কাশন আৰু মহেশ্বৰ বুলি কোৱা হৈছে ৷[16][17]
দ্বিতীয় ছাইৰ ৰেখাডাল দক্ষিণাগ্নি (পূৰ্বপুৰুষৰ বাবে দক্ষিণত জ্বলোৱা পবিত্ৰ অগ্নি), ওঁমৰ উ শব্দ, সত্ত্ব গুণ, বায়ুমণ্ডল, অন্তৰ্নিহিত আত্মা, ইচ্চা – ইচ্ছাশক্তি, যজুৰ্বেদ, দিনৰ ভাগৰ সোমৰ নিষ্কাশন, আৰু সদাশিৱ।[16][17]
তৃতীয় ধাৰাটো হ’ল অহৱনীয়া ( হোমৰ বাবে ব্যৱহৃত অগ্নি ), ওঁমৰ ম আখৰ, তামস বা তমঃ k222ৱযস্সেৱৱগুণ, স্বৰ্গ – স্বৰ্গ, পৰমৎমান – সৰ্বোচ্চ আত্মা ( ব্ৰহ্মৰ চূড়ান্ত বাস্তৱতা ), জ্ঞান – জ্ঞানৰ শক্তি, সামবেদ, সন্ধিয়াৰ সময়ত সোম নিষ্কাশন, আৰু শিৱ।[16][17]
এই ৰেখাবোৰে, শিৱৰ ইচ্ছাশক্তি, জ্ঞানশক্তি, আৰু কৰ্ম (ক্ৰিয়াশক্তি) এই ত্ৰিগুণ শক্তিক প্ৰতিনিধিত্ব কৰে।[18] অন্যান্য শৈৱ গ্ৰন্থত বৰ্ণিত ত্ৰিপুণ্ড্ৰ শিৱৰ ত্ৰিশূল আৰু ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ ঐশ্বৰিক ত্ৰিপুৰৰ প্ৰতীকো।[18]
দেৱীৰ বিভিন্ন ৰূপৰ উপাসক শাক্তসকলে তিনিডাল অনুভূমিক ৰেখা বা অৰ্ধবৃত্তাকাৰ ৰেখাৰ মাজত কপালত ৰঙা বিন্দু পিন্ধে।[1][19]
গাণপত্যসকলে তিলক চন্দন অৰ্থাৎ ৰক্ত চন্দনৰ তিলক পৰিধাণ কৰে।[20]
জৈনসকলে জৈন প্ৰতিমূৰ্তিৰ কপালত পিহা চন্দন চিহ্নিত কৰিবলৈ পূজাৰ সময়ত তিলক পিন্ধে।[21] ইয়াক একে কাৰণতে পূজাৰ আৰম্ভণিতে মূৰ্তি চিহ্নিত কৰিবলৈ, শিল বা গছক শিল্পকৰ্মৰ বাবে মূল স্থানৰ পৰা কাটি বা আঁতৰোৱাৰ আগতে চিহ্নিত কৰিবলৈ বা নতুন সম্পত্তি চিহ্নিত কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি।[4][22]
যদিও বিন্দি তিলকৰ সৈতে সম্পৰ্কিত ইয়াৰ কেইটামান উল্লেখযোগ্য পাৰ্থক্য আছে। বিন্দি হৈছে মূলতঃ বিবাহিত হিন্দু মহিলাসকলে কপালত পিন্ধা চিহ্ন আৰু সাধাৰণতে ৰঙা ৰঙৰ আৰু ই সৌভাগ্যৰ প্ৰতীক। আজিকালো ইয়াক ৰং, আকৃতি, সামগ্ৰীৰ বিভিন্ন বিভাজনত পোৱা যায় আৰু মূলতঃ সজ্জাৰ বাবে পিন্ধা হয়।[23][24]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.