![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/d/d0/Smriti_Sthamb_At_Titabar_Tini_Ali.jpg/640px-Smriti_Sthamb_At_Titabar_Tini_Ali.jpg&w=640&q=50)
তিতাবৰ মহকুমা
অসমৰ যোৰহাট জিলাৰ এটা মহকুমা / From Wikipedia, the free encyclopedia
"তিতাবৰ" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। নগৰখনৰৰ বাবে, তিতাবৰ (নগৰ) চাওক।
তিতাবৰ (ইংৰাজী: Titabor) হৈছে অসমৰ যোৰহাট জিলাৰ এটা মহকুমা। যোৰহাটৰ পৰা ২০ কিঃমিঃ আঁতৰত অৱস্থিত তিতাবৰ বিশেষকৈ ধান উৎপাদনৰ কাৰণে বিখ্যাত। এছিয়াৰ ভিতৰতে ডাঙৰ ধান গৱেষণা কেন্দ্ৰ ইয়াতেই অৱস্থিত। মহকুমাৰ সদৰ ঠাই হৈছে তিতাবৰ। এই নগৰৰ লেখত ল'বলগীযা প্ৰতিষ্ঠানসমূহ হ'ল - জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰেচম মহাবিদ্যালয় আদি। এই নগৰৰ মাজেদি পূবা-পশ্চিমাকৈ ঐতিহাসিক ধোদৰ আলি পাৰ হৈ গৈছে। ধানখেতিৰ বাবে বিখ্যাত তিতাবৰৰ এখন বিখ্যাত পথাৰ হামদৈ পথাৰ | প্ৰায় দুই হাজাৰ পুৰা মাটিৰে পৰিৱেষ্টিত পথাৰখনত ভালেকেইখন গাঁৱৰ ৰাইজে খেতি কৰি আহিছে |
ক্ষিপ্ৰ তথ্য
তিতাবৰ | |||||||
— মহকুমা — | |||||||
স্থানাঙ্ক | 26.60°N 94.20°E / 26.60; 94.20 | ||||||
দেশ | ![]() | ||||||
ৰাজ্য | অসম | ||||||
জিলা | যোৰহাট | ||||||
জনসংখ্যা | 7,450 (2001[update]) | ||||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||||
মাটিকালি • উচ্চতা |
• 172 m (564 ft) | ||||||
ক'ড
|
বন্ধ কৰক