তাৰা সিং
শিখ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা / From Wikipedia, the free encyclopedia
মাষ্টাৰ তাৰা সিং মালহোট্ৰা (২৪ জুন ১৮৮৫– ২২ নৱেম্বৰ ১৯৬৭) আছিল কুৰি শতিকাৰ প্ৰথমভাগৰ এগৰাকী ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা৷ তেখেতৰ পৃষ্ঠপোষকতাত শিৰোমণি গুৰুদ্বাৰা প্ৰভণ্ডক সমিতি গঠিত হৈছিল৷ ভাৰত-বিভাজনৰ সময়ত শিখসকলক পৰিচালিত কৰাতো তেখেতৰ ভূমিকা আছিল মন কৰিবলগীয়া৷ তেখেতে এই বিভাজনৰ বিৰোধ কৰিছিল৷[2] পৰৱৰ্তী সময়ত তেখেতে পঞ্জাবত এখন শিখপ্ৰধান ৰাজ্য গঠন কৰাৰ পোষকতা কৰিছিল৷ তেখেতৰ জীয়ৰী, ভাৰতীয় সাংবাদিক আৰু ৰাজনীতিবিদ ৰাজিন্দৰ কৌৰ বাথিন্দাত শিখ সশস্ত্ৰবাদীৰ হাতত নিহত হয়৷ [3][4]
ক্ষিপ্ৰ তথ্য তাৰা সিংTara Singh, জন্ম ...
তাৰা সিং Tara Singh | |
---|---|
জন্ম | ২৪ জুন, ১৮৮৫[1] ৰাৱালপিণ্ডি, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পাকিস্তান) |
মৃত্যু | ২২ নৱেম্বৰ, ১৯৬৭ (৮২ বছৰ)[1] চণ্ডীগড়, ভাৰত[1] |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বন্ধ কৰক