তাল (বাদ্যযন্ত্ৰ)
From Wikipedia, the free encyclopedia
তাল এবিধ ঘূৰণীয়া আৰু চেপেটা কাঁহ বা পিতলৰে নিৰ্মিত এবিধ বাদ্যযন্ত্ৰ।[1] এইবিধ বাদ্য নৃত্য-গীতত তাল ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।[2] এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য'ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। এইবিধ বাদ্য বিহুগীত, লোকগীত আৰু কিছুমান আধ্যাত্মিক নাম-কীৰ্তনত ব্যৱহাৰ হয়।
ক্ষিপ্ৰ তথ্য শ্ৰেণী ...
বন্ধ কৰক
তাল শব্দটো সংস্কৃত শব্দ "তাল"ৰ পৰা আহিছে। তাল ভাৰতীয় সংগীত আৰু সংস্কৃতিৰ অভিন্ন অংগ। ই একপ্ৰকাৰৰ ঘনবাদ্য। হিন্দু ধৰ্মীয় শাস্ত্ৰ সমূহত "কৰতাল"ৰ উল্লেখ পোৱা যায়।