![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9b/Beetle_palm_with_nut_bunch.jpg/640px-Beetle_palm_with_nut_bunch.jpg&w=640&q=50)
তামোল
From Wikipedia, the free encyclopedia
তামোল (ইংৰাজী: Areca catechu) গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও অসমৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়। গুৱা মানে তামোল। অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে। অসমৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে।[1]
ক্ষিপ্ৰ তথ্য তামোল, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
তামোল | |
---|---|
![]() | |
Fruiting specimen | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Arecales |
পৰিয়াল: | Arecaceae |
গণ: | Areca |
প্ৰজাতি: | A. catechu |
বৈজ্ঞানিক নাম | |
Areca catechu |
বন্ধ কৰক