![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f7/Iranian_amulet.jpg/640px-Iranian_amulet.jpg&w=640&q=50)
তাবিজ
From Wikipedia, the free encyclopedia
তাবিজ(ইংৰাজী: amulet), হৈছে এক সৌভাগ্য আকৰ্ষক সামগ্ৰী। এই তাবিজে ইয়াৰ অধিকাৰীক সুৰক্ষা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। তাবিজৰ বাবে সাধাৰণতে যিকোনো ব্যৱহৃত সামগ্ৰীবোৰৰ ভিতৰত আছে ৰত্ন, মূৰ্তি, মুদ্ৰা, চিত্ৰ, উদ্ভিদৰ অংশ, জন্তুৰ অংশ, আৰু লিখিত শব্দ আদি। [1]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f7/Iranian_amulet.jpg/640px-Iranian_amulet.jpg)
যিবোৰ তাবিজক যাদুৰ পৰা এইবোৰে অসাধাৰণ গুণাগুণ আৰু শক্তি আহৰণ কৰা বুলি কোৱা হয় বা যিবোৰে ভাগ্য প্ৰদান কৰে সেইবোৰ সাধাৰণতে লোক ধৰ্ম বা পৌত্তলিকতাৰ অংশ। আনহাতে খ্ৰীষ্টান ধৰ্মৰ দৰে আনুষ্ঠানিক মূলসুঁতিৰ ধৰ্মৰ তাবিজ বা পবিত্ৰ বস্তুবোৰৰ কোনো পাদ্ৰীৰ দ্বাৰা আশীৰ্বাদ নোপোৱাকৈ এইবোৰৰ নিজৰ কোনো শক্তি নাই বুলি বিশ্বাস কৰা হয়, আৰু এই সমূহৰ বাহকক কোনো প্ৰাকৃতিক লাভালাভ প্ৰদান নকৰে বুলি ধাৰণা কৰা হয়। তাবিজ আৰু তাবিজৰ বিনিময়যোগ্য মূল্য আছে। তাবিজবোৰে যিকোনো বস্তুক বুজাব পাৰে যিসমূহে এপোট্ৰোপাইক কাম কৰে বুলি বিশ্বাস কৰা হয়। তাবিজ হৈছে এনে এক বস্তু যাক সাধাৰণতে সুৰক্ষাৰ বাবে পিন্ধা হয় আৰু এক দীৰ্ঘম্যাদী পদাৰ্থৰ (ধাতু বা কঠিন-শিল) পৰা তৈয়াৰ কৰা হ'ব পাৰে। কাগজ বা কাপোৰৰো তাবিজ ব্যৱহাৰ হয়।[2] তাবিজবোৰ কেতিয়াবা ডিঙিত পিন্ধা অলংকাৰৰ লকেট (সৰু নান্দনিক বস্তু) বুলি ভৱা হয় যদিও লকেট আৰু তাবিজৰ মাজত পাৰ্থক্য আছে। অৱশ্যে এনেকুৱা যিকোনো প্ৰদত্ত লকেট সঁচাকৈয়ে তাবিজ হ'ব পাৰ যদিহে এই সমূহৰ সৈতে ইয়াৰ ধাৰকক বিপদৰ পৰা সুৰক্ষিত কৰিব পাৰে বুলি বিশ্বাস জড়িত হৈ থাকে।