ঢেকীয়াখোৱা বৰনামঘৰ
অসমৰ যোৰহাটত অৱস্থিত এক নামঘৰ / From Wikipedia, the free encyclopedia
ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত।[1] ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায়। জনশ্ৰুতি অনুসৰি ১৫২৮ চনত(১৪৫০ শক) মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল।[1] মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি সুদীৰ্ঘ ৪৯৪ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ "দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি" বুলি স্বীকৃতি প্ৰদান কৰিছে।[2][3] নামঘৰটোৰ মুঠ মাটিকালি ১৩ বিঘা।[1] ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। ভক্তসকলে নিজৰ মতে নামঘৰলৈ দান বৰঙনি আগবঢ়ায় আৰু পৰিচালনা সমিটিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰে। ই বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত সহায় কৰি আহিছে।
ঢেকীয়াখোৱা বৰনামঘৰ | |
---|---|
ঢেকীয়াখোৱা বৰনামঘৰৰ সন্মুখভাগ | |
ভূ-স্থানাংক | 26.47°N 94.19°E / 26.47; 94.19 |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | যোৰহাট জিলা |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৫২৮ চন |
প্ৰতিস্থাপক | মাধৱদেৱ |