ঢাকা
বাংলাদেশৰ ৰাজধানী আৰু বৃহত্তম চহৰ / From Wikipedia, the free encyclopedia
ঢাকা (ইংৰাজী: Dhaka, অতীতত Dacca ব্যৱহৃত হৈছিল[3]) বাংলাদেশৰ ৰাজধানী আৰু ঢাকা বিভাগৰ প্ৰধান চহৰ। ঢাকা এখন মহানগৰ আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান চহৰ। বুঢ়ী গংগা নদীৰ তীৰত অৱস্থিত এই চহৰ বাংলাদেশৰ বৃহত্তম চহৰ। ঢাকাৰ মহানগৰ অঞ্চলৰ জনসংখ্যা প্ৰায় ১ কোটি ৫০ লাখ।[4] ই বিশ্বৰ নৱম বৃহত্তম[5] আৰু অত্যধিক জনবহুল চহৰ বিলাকৰ ভিতৰত অন্যতম। ঢাকা চহৰ মছজিদৰ চহৰ নামেও পৰিচিত।[6] তদুপৰি ঢাকা বিশ্বৰ ৰিস্কা ৰাজধানী নামেৰেও পৰিচিত। এই চহৰত সদায় প্ৰায় ৪০০,০০০ ৰ পৰা ৪৫০,০০০টা চাইকেল ৰিস্কা চলাচল কৰে।[7] বৰ্তমান দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান সংস্কৃতি, শিক্ষা আৰু বাণিজ্যকেন্দ্ৰ।[8] সপ্তদশ শতাব্দীত পুৰণি ঢাকা মোগল সম্ৰাজ্যৰ বাংলা প্ৰদেশৰ প্ৰাদেশিক ৰাজধানী আছিল। মোগল সম্ৰাট জাহাঙ্গীৰৰ শাসন কালত এই চহৰ জাহাঙ্গীৰ নগৰ নামে পৰিচিত আছিল। অতীজৰে পৰা ঢাকা বিশ্বব্যাপী মছলিন কাপোৰ বাণিজ্যৰ এটি প্ৰধান কেন্দ্ৰ আছিল। যদিও আধুনিক ঢাকা চহৰৰ বিকাশ ঊনবিংশ শতাব্দীত ব্ৰিটিছৰ শাসন কালত ঘটে। সেই সময়ত নৱাব সকলে ঢাকা শাসন কৰিছিল। সেই সময়ত কলকাতাৰ পিছতেই ঢাকা বাংলা প্ৰেচিডেন্সিৰ দ্বিতীয় বৃহত্তম নগৰী হৈ পৰে। ১৯০৫ চনৰ বংগ-ভংগৰ পিছত ঢাকা নৱগঠিত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হয়। ১৯৪৭ চনত ভাৰতৰ পৰা ঢাকা পূব পাকিস্তানৰ প্ৰশাসনিক ৰাজধানীত পৰিণত হয়। ১৯৫০-৬০ দশকত এই চহৰ বিভিন্ন সামাজিক, জাতীয়তাবাদী আৰু গণতন্ত্ৰপন্থী আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৭১ চনত ঢাকা স্বাধীন বাংলাদেশ ৰাষ্ট্ৰৰ ৰাজধানী ঘোষিত হয়। ইতিপূৰ্বে সামৰিক বলবৎ, বাংলাদেশৰ স্বাধীনতা ঘোষণা, সামৰিক দমন, যুদ্ধ আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ তাণ্ডৱলীলাৰ দৰে একাধিক অস্থিৰ ঘটনাৰ এই চহৰ সাক্ষী হয়।
ঢাকা Dhaka ঢাক্কা |
|
---|---|
— ৰাজধানী — | |
অন্য নাম: মছজিদৰ চহৰ, বিশ্বৰ ৰিস্কা ৰাজধানী | |
ভৌগোলিক স্থানাংক: 23°42′0″N 90°22′30″E | |
দেশ | বাংলাদেশ |
জিলা | ঢাকা জিলা |
প্ৰতিষ্ঠাকাল | ১৬০৮ খ্ৰীষ্টাব্দ |
চহৰৰ মৰ্যাদা প্ৰদান | ১৯৪৭ |
চৰকাৰ | |
- প্ৰকাৰ | দ্বিখণ্ডিত চিটি কৰ্পোৰেচন |
- পৰিষদ | ঢাকা উত্তৰ চিটি কৰ্পোৰেচন ঢাকা দক্ষিণ চিটি কৰ্পোৰেচন |
- মহানাগৰিক | আতিকুল ইছলাম (উত্তৰ) শেখ ফজলে নূৰ তাপস (দক্ষিণ) |
মাটিকালি | |
- ৰাজধানী | ৩০২.৪ কি.মি.২ (১১৬.৮ বৰ্গ মাইল) |
উচ্চতা[1] | ৪ মিটাৰ (১৩.১২ ফুট) |
জনসংখ্যা (২০১৩)[2] | |
- ৰাজধানী | ১,৪৩,৯৯,০০০ জন |
- জনঘনত্ব | ৪৫,০০০ প্ৰতি বৰ্গ কি.মি. (১,১৫,২০০ প্ৰতি বৰ্গ মাইল) |
- মহানগৰ | ৭০,০০,৯৪০ জন |
- শিক্ষিতৰ হাৰ | ৭৪.৬ জন |
সময় অঞ্চল | বাংলাদেশ মান সময় (গ্ৰী.মা.স.+৬) |
পিনকোড | ১০০০ |
দেশৰ টেলিফোন কোড | +৮৮০ |
আঞ্চলিক টেলিফোন কোড | ০২ |
বাংলাদেশৰ সংবিধানৰ ৫(ক) অনুচ্ছেদ অনুযায়ী[9] ঢাকা বাংলাদেশৰ ৰাজধানী। আধুনিক ঢাকা বাংলাদেশৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক জীৱনৰ প্ৰধান কেন্দ্ৰ।[10] ইয়াৰ উল্লেখযোগ্য পৰ্যটনস্থলী সমূহ হল জাতীয় সংসদ ভৱন, ঢাকা বিশ্ববিদ্যালয়, মুক্তিযুদ্ধ যাদুঘৰ, বাংলাদেশ জাতীয় যাদুঘৰ , জাতীয় ছহিদ মিনাৰ, লালবাগৰ কিল্লা[11] ইত্যাদি।
সাম্প্ৰতিক দশকসমূহত ঢাকাৰ পৰিবহণ, যোগাযোগ ব্যৱস্থা আৰু শিক্ষা ক্ষেত্ৰত অভূতপূৰ্ব আধুনিকৰণ দেখা গৈছে। বৰ্তমানে এই চহৰ প্ৰচুৰ বিদেশী বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে ব্যৱসায় ব্যবসায়-বাণিজ্যৰ পৰিধি ভাঙি পৰিবহণত সক্ষম হৈছে। গোটেই দেশৰ পৰা অনেক মানুহ জীৱিকাৰ সন্ধানত ঢাকালৈ আহে। এইবোৰ কাৰণৰ বাবেই ঢাকা বিশ্বৰ দ্ৰুততম ক্ৰমবৰ্ধমান নগৰী হৈ পৰিছে। এই লক্ষ্য বাস্তৱয়ানত মালয়েছিয়া, জাপান, চীনসহ বিভিন্ন দেশ আৰ্থিক সহযোগিতা আৰু বিনিয়োগ কৰিছে।[12][13]