ডিম্পল কপাড়িয়া
From Wikipedia, the free encyclopedia
ডিম্পল কপাড়িয়া (ইংৰাজী: Dimple Kapadia; হিন্দী: डिम्पल कपाड़िया; জন্ম: ৮ জুন, ১৯৫৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ষোল বছৰ বয়সত তেওঁ অভিনয় জগতত ভৰি দিয়ে। ১৯৭৩ চনক এহাল কিশোৰ-কিশোৰীৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত ববীৰ মূল চৰিত্ৰত অভিনয় কৰে। সেই একে বছৰতে তেওঁ অভিনেতা ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতিহালৰ টুইংকল খান্না আৰু ৰিংকি খান্না নামৰ দুজনী জীয়েক আছে। তেওঁলোকও বলীউদৰ প্ৰতিষ্ঠিত অভিনেত্ৰী। বিয়াৰ পিছত তেওঁ অভিনয় বাদ দিছিল যদিও ৰাজেশ খান্নাৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটাত পিছলৈ দুয়ো পৃথকে থাকিবলৈ লয় আৰু ১৯৮৪ চনত তেওঁ পুনৰ অভিনয় জগতলৈ ঘূৰি আহে। ১৯৮৫ চনত মুক্তি পোৱা সাগৰ নামৰ হিন্দী চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৮০ৰ দশকত তেওঁ নিজকে শীৰ্ষস্থানীয় অভিনেত্ৰী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।[1]
ডিম্পল কাপাড়িয়া | |
---|---|
![]() ২০১৮ চনত কাপাড়িয়া | |
জন্ম | ০৮ জুন, ১৯৫৭ (৬৭ বছৰ) বোম্বে, বোম্বে ষ্টেট, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৭৩; ১৯৮৪-বৰ্তমান |
দাম্পত্যসঙ্গী | ৰাজেশ খান্না (m. ১৯৭৩; sep. ১৯৮২; d. ২০১২) |
সন্তান |
|
আত্মীয়-স্বজন |
|