From Wikipedia, the free encyclopedia
অসমৰ প্ৰচলিত ডাকৰ বচন অসমীয়া জনজীৱনৰ লগত সংলগ্ন মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য। সাধাৰণ মানুহেও বুজিপোৱাকৈ বৰ্ণোৱা এই যোজনাবোৰে অসমীয়া জনজীৱনৰ লগত খাপ খোৱাকৈ বিভিন্ন বিষয়ত গভীৰ উপদেশ প্ৰদান কৰে। অসমীয়া মানুহে, বিশেষকৈ অতীতত এই বহুচৰ্চিত বাস্তৱিক উপদেশৰ ভাণ্ডাৰৰ ৰচোতাৰ ওপৰত দাৰ্শনিক ব্যক্তিত্ব আৰোপ কৰি তেওঁক ডাকপুৰুষ বোলে। অসমীয়া সাহিত্যত ডাক পুৰুষৰ নামত চলিত বা জড়িত ‘ডাকৰ বচন’ৰূপে প্ৰসিদ্ধ প্ৰৱচনসমূহক আটাইতকৈ প্ৰাচীন এনেধৰণৰ মৌখিক সাহিত্যৰূপে আখ্যা দিয়া হয়। বৰ্তমান যুগ, ভাষা আৰু জীৱন প্ৰসংগ সলনি হোৱাৰ বাবে অনেক ডাকৰ বচনৰ প্ৰয়োগ কমি গৈছে যদিয়ো কিছুসংখ্যক ডাকৰ বচন এতিয়াও প্ৰচলিত আৰু জনপ্ৰিয়। এই বচনবোৰ যুগ যুগ ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। ডাকৰ বচনবোৰত মানুহৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনত পালন কৰিব পৰা কিছুমান পৰামৰ্শমূলক উক্তি, য'ত ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, অৰ্থনীতি, কৃষিনীতি, ৰন্ধন প্ৰক্ৰিয়া, যাত্ৰাৰ ফল, ৰোগৰ বিৱৰণ আদিৰ উল্লেখ আছে।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ডাকপুৰুষ এজন সাধাৰণ গাঁৱলীয়া অথচ জীৱনৰ বিষয়ে গভীৰ অনুভৱ থকা ব্যক্তি হিচাপে উত্থাপন কৰা হয়। তেখেত বোলে জন্ম হোৱাৰ সময়ৰে পৰা বাস্তব জ্ঞানৰ অনুভৱশীল ব্যক্তি আছিল। প্ৰচলিত আছে, কেঁচুৱা অৱস্থাতে তেওঁক সেক দিবলৈ মাকে জুই জ্বলাবলৈ লৈ চুঙাৰে ফুৱাই ফুৱাইও নোৱাৰা দেখি মাকক কৈছিল "দীঘলকৈ মাৰিবাঁ ফু, তেতিয়াহে পাবা জুইৰ ভূ।" ডাকবচন বা ডাক প্ৰবচনবোৰৰ সৈতে ডাক, খনা, ডঙ্ক, ভড্ডৰ, ঘাঘ, ভড্ডৰি আদি ব্যক্তিৰ নাম জড়িত। কোনো কোনোৱে আকৌ ডাকাৰ্ণৱ গ্ৰন্থৰ সৈতেও ডাক-প্ৰবচনবোৰৰ সম্পৰ্ক স্থাপন কৰিব খোজে। কিন্তু ডাকাৰ্ণৱৰ বিষয়বস্তু আৰু প্ৰসঙ্গৰ সৈতে ডাকৰ বচনৰ মিল দেখা নাযায়।[1]
ডাকক চতুৰ্থ-ষষ্ঠ শতিকাৰ বৰাহ-মিহিৰৰ সমসাময়িক বুলি ভৱা হয় আৰু বৰপেটা অঞ্চলৰ লোহি বা লোহিডঙৰা তেওঁৰ জন্ম হয় বুলি অনুমান কৰা হয়। জনপ্ৰৱাদ অনুসৰি এক কুমাৰণীৰ ঘৰত ডাকৰ জন্ম হৈছিল। উপজিয়েই মাত(ডাক) দিয়া বাবে তেওঁৰ নাম ডাক হয়। ল’ৰাকালতে ভেঁট ফুল তুলিবলৈ যাওঁতে লগৰ লগৰীয়াই পানীত পেলাই মাৰে। আন এক প্ৰৱাদমতে ডাকে হেনো মাত্ৰ ‘এদিন-এনিশা’লৈ জন্ম গ্ৰহণ কৰিছিল। এনে সামঞ্জস্যহীন প্ৰৱাদৰ পৰা ডাকক ঐতিহাসিক ব্যক্তি বুলি মানিবলৈ টান। সেয়েহে বহু পণ্ডিতে ডাকক এটা কাল্পনিক নাম বুলিয়ে গ্ৰহণ কৰিছে।[2]
ডাক শব্দৰ অৰ্থ হ’ল উচ্চাৰণ কৰা, সম্বোধন কৰা বা আহ্বান কৰা; গতিকে যিবোৰ উপদেশে সমাজত কেনেকৈ চলিব লাগে, সকীয়াই দিয়ে, সিয়ে হয়তো ডাকৰ বচন ৰূপে প্ৰসিদ্ধি লাভ কৰে। আন এক মত অনুসৰি আগৰে পৰা যিবোৰ ৰীতি-নীতিৰ কথা বা জ্ঞানীৰ উপদেশ জনসাধাৰণৰ মাজত ছন্দৰ মাজেদি চলি আহিছিল, সিবোৰকে হয়তো ডাক নামে কাল্পনিক পুৰুষ এজনৰ নামত প্ৰচাৰ কৰা হ’ল। হয়তো চহা জীৱনৰ গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক জ্ঞানৰ কথাবোৰেই ডাকৰ নামত সমাজত প্ৰচলিত হৈছিল। সম্ভৱতঃ এনেও হ’ব পাৰে যে অসমীয়া প্ৰৱচনৱলীৰ বাছকবনীয়া ভাগ ডাকৰ বচনৰূপে খ্যাত হৈছে।[3] বংগদেশৰ বাঙালীসকলে দাবী কৰিছিল যে ডাক আৰু তেওঁৰ প্ৰবচন সমূহ তেওঁলোকৰহে সম্পত্তি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই এই কথা মানি ল'ব নোৱাৰি "বাঁহী"(২য় বৰ্ষ,প্ৰথম সংখ্যা,১৯১০)ত এটা "ডাকৰ পুথি" নামৰ এটি প্ৰবন্ধৰে সেই দাবী নাকচ কৰিছিল।[4]
ডাকৰ বচনবোৰত কৃষি, বতৰ, ভেষজ বিদ্যা, ৰাজনীতি আদি জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতা, বৰ্হিজগতৰ আৰু মানৱ জীৱনৰ ঘনিষ্ঠ জ্ঞানকে ধৰি সকলো ধৰণৰ বিষয়েই ঠাই পাইছে। পয়াৰ ছন্দত ৰচিত ডাকৰ বচনবোৰৰ ভাষাৰ মনোগ্ৰাহিতা আৰু প্ৰকাশিকা শক্তি চমকপ্ৰদ। কি মাটিত খেতি কৰিব লাগে, কেনে গৰু কিনিব লাগে, কেনে মাকৰ ছোৱালী অনা যুগুত, সু-নাৰী, কু-নাৰীৰ লক্ষণ, কেনেকৈ ৰন্ধা-বঢ়া কৰিব লাগে, কেতিয়া কোনফালে যাত্ৰা কৰিব লাগে-নালাগে, শৰীৰ ভালে ৰখাৰ নানা উপায়; এনেধৰণৰ দিহা ডাকৰ বচনবোৰত পোৱা যায়।
নাগৰিক জীৱন বা সভ্যতাৰ আঁচোৰ ডাকৰ বচনত নাই। ৰজাৰ উল্লেখ আৰু ৰাজধৰ্মৰ সামান্য আঁচোৰ কোনো কোনো বচনত চকুত পৰে যদিও ৰজাৰ ওপৰত কোনো গুৰুত্ব ডাকৰ বচনত দিয়া হোৱা নাই। 'ডাক' কথাটি তিব্বতী ভাষাতো প্ৰচলিত; অৰ্থ জ্ঞানী। গতিকে ডাকৰ বচন মানে জ্ঞানীৰ বচন বুলিয়ে ঠাৱৰ কৰিব পাৰি।
বংগদেশৰ খনাৰ বচনৰ লগতো ডাকৰ কেতবোৰ বচনৰ সাদৃশ্য দেখা যায়। জনসাধাৰণৰ মাজত চলা এই বচনবিলাক বিশ্লেষণ কৰিলে অনাখৰি চহা লোকৰো যে সৎ-অসৎ জ্ঞান আছে, ধনী-দুখীয়া নাইবা বলী-নিৰ্বলীৰ মাজত থকা পাৰ্থক্যৰ বোধ আছে তাক আছে তাক উপলব্ধি কৰিব পাৰি।[5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.