ডনি-প'ল'
অৰুণাচল প্ৰদেশৰ থলুৱা ধৰ্ম / From Wikipedia, the free encyclopedia
ডনি-প'ল (বা ডনি-প'ল'বাদ; ইংৰাজী: Donyi-Polo)[note 1] অভিধাৰে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ তানি আৰু অন্যান্য তিব্বত-বাৰ্মা মূলৰ অধিবাসীসকলৰ[8] মাজত প্ৰচলিত সৰ্বপ্ৰাণবাদ (animism) আৰু শমনবাদ (shamanism) প্ৰকাৰৰ খিলঞ্জীয়া ধৰ্মীয় পদ্ধতিসমূহক বুজোৱা হয়।[9][10] "ডনি-প'ল'" নামটিৰ অৰ্থ হৈছে "সূৰ্য-চন্দ্ৰ"। খ্ৰীষ্টধৰ্মই এই অধিবাসীসকলৰ মাজত লাভ কৰা প্ৰসাৰ আৰু হিন্দুধৰ্মত হ'ব পৰা সম্ভাৱ্য বিলীনতাৰ প্ৰতিক্ৰিয়াস্বৰূপে ১৯৭০ চনৰ আশে-পাশে এই ধৰ্মৰ আনুষ্ঠানিকীকৰণ আৰু পুনৰীজ্জীৱিতকৰণৰ প্ৰয়াসৰ সময়ত এই নাম বাছনি কৰা হৈছিল।[11] মূলতঃ ডনি-প'ল' হৈছে সৰ্বাত্মবাদ বা প্ৰকৃতিউপাসনা বা চিন্ময়জগততত্ত্বৰ ধাৰণাৰে প্ৰচলিত এক ধৰ্মীয় লোকাচাৰ।
ডনি-প'ল' ধৰ্মত ধৰ্মীয় সমাৱেশৰ এক ব্যৱস্থা আছে, য'ত শমনৰ উপচাৰিক তানি ভাষাত স্তুতিগীত পৰিৱেশন কৰা হয়। তদুপৰি এই ধৰ্মৰ আনুষ্ঠানিক এক দৰ্শন-ধৰ্মতত্ত্ব, উপাস্য দেৱ-দেৱীৰ পটশিল্প[12] আৰু উপাসনা স্থলীও[13] আছে। ডনি-প'ল'ৰ পুনৰুত্থানৰ বাটকটীয়া আছিল টাল'ম ৰুকব'।[14] ডনি-প'ল' কাৰ্বি জনগোষ্ঠীৰ হেম্ফু-মুকৰং (Hemphu-Mukrang) আৰু অকা (বা ৰু'ছ') জনগোষ্ঠীৰ য়েজি-ন' (Nyezi-No) ধৰ্মৰ সৈতে সম্পৰ্কিত।[উদ্ধৃতিৰ প্ৰয়োজন]